গুৱাহাটীঃ প্ৰচাৰ আৰু অপ-প্ৰচাৰৰ মাজত এতিয়া অসম-অসমীয়াৰ জাতি ৰক্ষাৰ আন্দোলন। অসমীয়াৰ গণমতক আওকাণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মঙলবাৰে লোকসভাত উত্থাপন তথা গৃহীত হ’ল। প্ৰকট হৈ পৰিল ভাৰতীয় জনতা পাৰ্টীৰ স্বৈৰাচাৰী মনোভাৱ।
এই বিধেয়কক ৰুধিবলৈ অসমৰ এশতকৈ অধিক জাতীয়-জনগোষ্ঠীয় তথা সংখ্যালঘু দল-সংগঠনে কৰিব পৰা সকলো গণতান্ত্ৰিক আন্দোলন অসমীয়াই সাব্যস্ত কৰিলে। ধৰ্ণা, অৱস্থান, অনশন, পুত্তলিকা দাহ, ক’লা পতাকা প্ৰদৰ্শন কৰি চৰকাৰক নিজৰ ক্ষোভ অসমীয়াই জনাই দিলে।