মাজুলীঃ বিগত কেবাটাও দশক আধ্যাত্মিক আৰু বৈদিক শিক্ষা বিস্তাৰে মাজুলীকে ধৰি অসমৰ বিভিন্ন স্থানত সমাজৰ শিক্ষা আৰু সমাজ জীৱনত কৰি অহা কৰ্মৰাজী বাবে ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে মাজুলীৰ দক্ষিণপাট গৃহ শ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক ভগৱান বুদ্ধ ৰাষ্ট্ৰীয় ফেলচিপ বঁটাৰে বিভুষিত কৰে। নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় দলিত সাহিত্য অকাডেমি  ৩৪ সংখ্যক  ৰাষ্ট্ৰীয় অধিৱেশনত ৯ডিচেম্বৰ তাৰিখে অকাডেমি ৰাষ্ট্ৰীয় সভাপতি এচ,পি সুমনাস্কাৰে গোস্বামীক এই বঁটা প্ৰদান কৰে। আনহাতে একেটা অনুষ্ঠানতে অকাডেমিয়ে মাজুলীৰ দাক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ সহধৰ্মিনী জয়া দেৱী গোস্বামীক তেখেতৰ সাংস্কৃতিক আৰু সামাজিক কৰ্মৰাজী বাবে মহাত্মা জ্যোতিবা ফুলে ৰাষ্ট্ৰীয় ফেলচিপ  ২০১৮ বঁটা প্ৰদান কৰে।এই বঁটা লাভ কৰাৰ বাবে সত্ৰাধিকাৰ গৰাকীৰ শিষ্য সকল উৎফুল্লিত হৈ পৰিছে। ভাৰতীয় দলিত সাহিত্য একাডেমীৰ দুদিনীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় অধিবেশন খনত বহু গন্য-মান্য ব্যক্তি উপস্থিত থাকে।