মঙলদৈঃ জকাইচুকৰ পৰা বিশ্ব জিনাৰ সপোন বুকুত বান্ধি কাইলৈ উৰা মাৰিব জনাৰ্দন৷ ৬ বছৰ বয়সৰ পৰাই বিশ্ব জিনাৰ সোপানেৰে সমৰ কলাৰ প্ৰশিক্ষণ লৈ থকা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জনাৰ্দন কম বয়সতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷
আয়াৰলেণ্ডত অহা ১৪ আগষ্টৰ পৰা ২০ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া সমৰ কলাৰ (কাৰাটে) আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে মঙলদৈৰ মেনাপাৰাৰ জনাৰ্দন ডেকা। প্ৰতিযোগিতা খনত ১২ বছৰ অনুৰ্ধ্বৰ শাখাত উত্তৰ পুৰ্বাঞ্চলৰ পৰা জনাৰ্দনেই অংশ গ্ৰহন কৰাৰ সুযোগ লাভ কৰে।