আমগুৰিঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মঙলবাৰে জাঁজী গড়মূৰত জাঁজী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
জাঁজীৰ মুক্তিযোদ্ধা প্ৰয়াত বিমল গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি পুৱা পতাকা উত্তোলন কৰে সংগঠনটোৰ শিৱসাগৰ জিলা সভাপতি দিব্যজ্যোতি দাসে। শ্বহীদ তৰ্পন কৰে শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম গগৈয়ে। বৃক্ষৰোপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিপুল শইকীয়াই।