শিৱসাগৰঃ শিৱসাগৰ জিলাৰ পানবেচা ল’ৰাপোতাৰ শ্ৰীশ্ৰী বাসুদেৱ টকৌবাৰী সত্ৰ কলাকৃষ্টি কেন্দ্ৰত অহা ৩১ চেপ্তেম্বৰ অাৰু ০১ অক্টোবৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে চেনিমৰা মহিলা সমিতি অাৰু শিৱসাগৰবাসীৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬৯তম জন্মোৎসৱৰ অায়োজন কৰিছে।
কাৰ্য্যসুচী অনুসৰি ৩১ চেপ্তেম্বৰত পূৱা ৪-৩০ বজাত উষা কীৰ্ত্তন, ৬ বজাত বন্তি প্ৰজ্বলন, ৬-৩০বজাত ধৰ্মধ্বজা উত্তোলন, ৭বজাত স্মৃতি তৰ্পন, ৭-৩০ বজাত বৃক্ষৰোপন, পুৱা ১০ বজাত অনুষ্ঠিত হ’ব জিলা ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন উদ্ধোধন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলিপ বুঢ়াগোহাঁইয়ে। পিছৰ দিনাৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ অাৰু শৰাই উৰ্চগা পাছতেই অনুষ্ঠিত হব নামপ্ৰসঙ্গ। নামাচাৰ্য্য মৰাণৰ শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ সত্ৰাধিকাৰ নিৰঞ্জণ মহন্ত।