কোকৰাঝাৰঃ যোৱা ১৮ ডিচেম্বৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি পদৰ পৰা হিতেশ্বৰ বৰ্মনে পদত্যাগ কৰাৰ পিছৰে পৰা জনগোষ্ঠীটোৰ লোকৰ মাজত আজিও চাঞ্চল্য অব্যাহত আছে৷ সংগঠনটোৰ একত্ৰিকৰণৰ অন্তিম মুহূৰ্তত হঠাতে আক্ৰাছুৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাত আক্ৰাছুকৰ্মীসকল হঠাত ভাগি পৰিছিল৷
পদত্যাগপত্ৰত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে আক্ৰাছুৰ দুয়োটা গোটৰ একত্ৰীকৰণত বিফল হোৱা বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল৷ আক্ৰাছুৰ বিভাজিত দুয়োটা গোটে সকলো বাদানুবাদ আৰু অভিযোগ-প্ৰতিঅভিযোগৰ অন্ত পেলাই ৰাইজৰ সিদ্ধান্ত অনুসৰি একত্ৰীকৰণৰ বাবে আগবাঢ়িছে যদিও বাৰে বাৰে উজুটি খােৱা পৰিলক্ষিত হৈছে।