51
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণত এজন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এই লোকজন হৈছে জাগুণ বজাৰৰ সমীপৰ ৭৫ বছৰীয়া ৰাম চৰিখন গুপ্তা।
যোৱা ৫ জুলাইত জ্বৰত আক্ৰান্ত হৈ লোকজন নিজ গৃহতে সংজ্ঞাহীন হৈ পৰে৷ পৰিয়ালৰ সদস্যসকলে ডিব্ৰুগড়স্থিত সঞ্জীৱনি নাৰ্ছিং হোমত ভৰ্তি কৰোৱাৰ পিছতেই লোকজনৰ দেহত জাপানীজ এনকেফেলাইটিছৰ বীজাণু ধৰা পৰে৷