71
নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শেহতীয়াভাৱে নগাঁও জিলাটো প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ৷ যোৱা মাহৰ পৰাই নগাঁও জিলাত এই ৰোগবিধে দেখা দিছে যদিও এতিয়ালৈকে সংহাৰী ৰূপ ধাৰণ কৰা নাই৷
নগাঁও জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে, সমগ্ৰ জিলাখনত বৰ্তমানলৈকে শিশুসহ মুঠ নজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে ছয়গৰাকী ৰোগী চিকিৎসাৰ অন্তত ইতিমধ্যে সুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে৷