নগাঁওঃ অবিভক্ত নগাঁও জিলাৰ যমুনামুখ নগঞাপামৰ মৃন্ময় বৰা নামৰ এগৰাকী মেধাৱী ছাত্ৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল’ হস্পিতালত চিকিৎসাধীন হৈ আছে।
প্ৰায় এসপ্তাহ ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা মেধাৱী ছাত্ৰ গৰাকীক নগাঁৱৰ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও শনিবাৰে অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল হস্পিতালত ভৰ্তি কৰোৱা হয়। যমুনামুখ নগঞাপামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাজু বৰা আৰু মুন বৰাৰ একমাত্ৰ সন্তান মৃন্ময়ৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালটোয়ে হাহাকাৰ কৰিবলগীয়া হৈছে।