গুৱাহাটীঃ 'মই নাথাকিলেও/সাঁজৰ তৰাই/মোৰেই কথাকে ক'ব...’ মাথো ৩৪টা বসন্ত অতিবাহিত কৰিয়েই বহুখিনি দি গৈছে ৰাণা দাই৷ গায়ক, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ৭৪ সংখ্যাক ওপজা দিন৷ ১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা জয়ন্ত হাজৰিকাই সকলোকে কন্দুৱাই নেদেখা দেশলৈ গমন কৰিছিল ১৯৭৭ চনৰ ১৫ অক্টোবৰত।

ৰাণা দা আজি সো-শৰীৰে আমাৰ মাজত নাই। পিছে সাঁজৰ তৰাই আজিও তেওঁৰ কথাকেই কয়। কেৱল সাঁজৰ তৰাই নে? জোন-বেলি আৰু নিশাৰ আকাশৰ প্ৰতিটো তৰাই কয় ৰাণা দাৰ গীতৰ কথা। 

হৃদয় চুই যোৱা দৰদী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীক আজি ওপজা দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰে। মহানগৰীৰো চানমাৰিকে আদি কৰি একাধিক স্থানত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে বিশেষ অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক স্মৰণ কৰে।

৬০ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়লৈকে গান গাই গৈছিল। অসমীয়া লোক সঙ্গীতৰ লগতে ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণেৰে বিচক্ষণতাৰ পৰিচয় দিছিল শিল্পীগৰাকীয়ে। প্ৰখ্যাত পৰিয়ালৰ সন্তান জয়ন্ত হাজৰিকাৰ ঘৰুৱা মতা নাম আছিল ৰাণা। যিটো নামেৰে জনপ্ৰিয় হৈ পৰিছিল তেওঁ৷ 

সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আছিল তেওঁৰ জ্যেষ্ঠ ভাতৃ। সৰুৰেপৰাই সংগীতৰ নিচা থকা হাজৰিকাই মহানগৰীৰ সোণাৰাম হাইস্কুলত পঢ়ি থকা কালতে গানৰ প্ৰতি অধিক আকৃষ্ট হৈছিল। 

১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই কলকাতাৰ বিখ্যাত এইচএমভি কোম্পানীত গীত বাণীবদ্ধ কৰে। মাথো ৯ বছৰ বয়সতে গানত সুৰ দিয়া জয়ন্ত হাজৰিকাই আগলি বতাহে কঁপালে কলৰে পাত, কৃষ্ণচূড়া কৃষ্ণচূড়া গান গাই কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পিছতে ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ লগতে বোলছবি, নাটকৰ বাবে সংগীত পৰিচালনা কৰে৷ 

মাথো ৩৪ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় লোৱা জয়ন্ত হাজৰিকা তথা ৰাণা দাক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে৷ ৰাণা দাক ৰাজ্যবাসীয়ে সোঁৱৰাৰ লগতে newsnextone.com পৰিয়ালেও শ্ৰদ্ধাৰে সুঁৱৰিছো৷