গুৱাহাটীঃ ‘মই নাথাকিলেও/সাঁজৰ তৰাই/মোৰেই কথাকে ক’ব…’ মাথো ৩৪টা বসন্ত অতিবাহিত কৰিয়েই বহুখিনি দি গৈছে ৰাণা দাই৷ গায়ক, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ৭৪ সংখ্যাক ওপজা দিন৷ ১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা জয়ন্ত হাজৰিকাই সকলোকে কন্দুৱাই নেদেখা দেশলৈ গমন কৰিছিল ১৯৭৭ চনৰ ১৫ অক্টোবৰত।
ৰাণা দা আজি সো-শৰীৰে আমাৰ মাজত নাই। পিছে সাঁজৰ তৰাই আজিও তেওঁৰ কথাকেই কয়। কেৱল সাঁজৰ তৰাই নে? জোন-বেলি আৰু নিশাৰ আকাশৰ প্ৰতিটো তৰাই কয় ৰাণা দাৰ গীতৰ কথা।