Home ৰাজ্য‘মাটিৰ মোহ’ত বন্দী মন্ত্ৰী জয়ন্ত মল্লৰ পত্নী, হঠাৎ ধনে-মাটিয়ে পৰিপূৰ্ণ জুলী ডেকা বৰুৱা

‘মাটিৰ মোহ’ত বন্দী মন্ত্ৰী জয়ন্ত মল্লৰ পত্নী, হঠাৎ ধনে-মাটিয়ে পৰিপূৰ্ণ জুলী ডেকা বৰুৱা

by News Next One
A+A-
Reset

গুৱাহাটীঃ ৰাজসাহায্য, গীৰ গাইৰ পিছত এইবাৰ পোহৰলৈ আহিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ মাটিৰ আখ্যান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক কপি কৰি জয়ন্ত মল্লবৰুৱাৰ পত্নীয়েও ৰাজ্যৰ কেইবাঠাইত কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উঠিছে৷ প্ৰকাশিত বাতৰি অনুযায়ী বৰ্তমান ১০০ বিঘাৰো অধিক মাটিৰ এখন বৃহ ফাৰ্মৰ স্বত্বাধিকাৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই তেজপুৰত একেটা দিনতে ক্ৰয় কৰিছিল ৩৬ বিঘা অকৃষিভূমি৷

চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা তথ্য অনুসৰি তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেটা দিনতে ৩৬ বিঘা ভূমি ক্ৰয় কৰে জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকাবৰুৱাই৷ স্বামী জয়ন্ত মল্লবৰুৱাই ২০২২ চনৰ ৯ জুনত মন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰায় এবছৰ পিছতে জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে মাটি ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল৷ ২০২৩ চনৰ ২৪ জুলাইত জুলি ডেকা বৰুৱাই তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত ৭৩ নং দাগৰ ১৯ নং পট্টাৰ ৭ বিঘা ১২ লেচা, ৭৪ নং দাগৰ ১৭ নং পট্টাৰ ১৩ বিঘা ২ কঠা ১০ লেচা আৰু ১৫ বিঘা ১ কঠা ১৮ লেচা ভূমি জুলি ডেকা বৰুৱাই ক্ৰয় কৰে৷

ভূমিখিনি ক্ৰয় কৰিছিল একেটা পৰিয়ালৰ গৌৰী ভট্টাচাৰ্য, তুলসী চৰণ ভট্টাচাৰ্য, সমীৰণ ভট্টাচাৰ্য, অপূৰ্ব ভট্টাচাৰ্য আৰু অৰ্পণা ভট্টাচাৰ্যৰ পৰা৷ ৩৬ বিঘা অকৃষিভূমি এদিনতে ক্ৰয় কৰি ইতিহাস ৰচিছিল জুলি ডেকা বৰুৱাই৷ প্ৰতি বিঘা মাটিৰ দাম ঠিক কৰিছিল ১৮ লাখ টকাকৈ। তেজপুৰৰ লগতে নলবাৰী জিলাতো বিঘাই বিঘাই নিষ্পিখেৰাজ মাটি ক্ৰয় কৰিছিল মন্ত্ৰী পত্নীগৰাকীয়ে। উল্লেখ্য যে ২০২১ ৰ বিধানসভা নিৰ্বাচনত জয়ন্ত মল্লবৰুৱাই দাখিল কৰা শপতনামা মতে, পত্নীৰ নামত কেৱল ১.১ বিঘা অকৃষিভূমিহে আছিল৷

কিন্তু স্বামীয়ে মন্ত্ৰীসভাত স্থান লাভৰ পিছতেই জুলি ডেকা বৰুৱা আলাদিনৰ চাকি লাভ কৰি ১০৭ বিঘা ভূমিৰ কৃষি পামৰ লগতে তেজপুৰ, নলবাৰীত বিঘাই বিঘাই মাটিৰ গৰাকী হয়৷ একাধিক সংবাদ সংস্থাৰ বাতৰিত এই আখ্যান পোহৰলৈ অহাৰ পিছতে মাটি ক্ৰয় অভিযানৰ ক্ষেত্ৰত জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোছাৰ পত্নীৰ সমানে সমানে আগবাঢ়িছে বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলা দেখা গৈছে।

প্ৰকাশিত বাতৰি অনুযায়ী মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই প্ৰায় ৭ কোটি টকা ব্যয়েৰে ক্ৰয় কৰিছিল তেজপুৰৰ এই মাটি। স্বামী মন্ত্ৰী হোৱাৰ আগলৈকে যিগৰাকী মহিলাৰ নামত কেৱল মাত্ৰ এক-ডেৰবিঘা মাটিহে আছিল, সেইগৰাকী মহিলাই স্বামী মন্ত্ৰী হোৱাৰ পিছতে গৃহ জিলা নলবাৰীৰ লগতে তেজপুৰতো কিদৰে বিঘাৰ পিছত বিঘা হিচাপত মাটি ক্ৰয় কৰিবলৈ সমৰ্থ হ’ল সেই লৈ ৰাজ্যজুৰি সৰৱ চৰ্চা চলিছে। ইফালে, মন্ত্ৰী পত্নীৰ এই মাটিৰ আখ্যান পোহৰলৈ অহাৰ পিছতে বিৰোধী কংগ্ৰেছ দলে ছ’চিয়েল মিডিয়াত এয়া মন্ত্ৰী পত্নীৰ ‘মাটিৰ মোহ’ বুলি দাবী কৰা দেখা গৈছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0