Home দেশ২০২৫ত ভাৰত এৰিব ৩৫০০ কোটিপতিয়ে! মোদী চৰকাৰক সমালোচনা কংগ্ৰেছৰ

২০২৫ত ভাৰত এৰিব ৩৫০০ কোটিপতিয়ে! মোদী চৰকাৰক সমালোচনা কংগ্ৰেছৰ

by News Next One
A+A-
Reset

নতুন দিল্লীঃ ভাৰতত বৃদ্ধি পাইছে কোটিপতিৰ সংখ্যা৷ তথাপিও আৰ্থিক সুবিধা আৰু উপযুক্ত পৰিকাঠামোৰ অভাৱৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ ধনাঢ্য ব্যক্তি বিদেশত থিতাপি ল’বলৈ উৎসাহী হৈ পৰিছে। ২০২৫তো এই ধাৰা অব্যাহত আছে৷ অতিৰিক্ত আয়কৰৰ বাবে প্ৰতিবছৰে দেশ এৰি যোৱা ভাৰতীয় কোটিপতিৰ সংখ্যা বৃদ্ধিৰ সময়তে ২০২৫ ত ৩,৫০০ জন ধনী ভাৰতীয়ই বিদেশত স্থায়ী হোৱাৰ সম্ভাৱনাই দেখা দিছে৷

ভাৰতত আয়কৰ দাখিল সংক্রান্ত নিয়ম-কানুনৰ বাবে প্ৰতিবছৰে বহু কোটিপতি দেশ এৰিবলৈ বাধ্য হৈছে। এইসকল ধনাঢ্য ব্যক্তি সেইসমূহ দেশলৈ গতি কৰিছে য’ত আয়কৰ কম, অথবা আয়কৰমুক্ত সুবিধা আছে।

হেনলে প্ৰাইভেট ৱেলথ মাইগ্ৰেচন ৰিপ’ৰ্ট ২০২৫ অনুসৰি চলিত বছৰত প্ৰায় ৩,৫০০ জন ভাৰতীয় কোটিপতিয়ে বিদেশত স্থায়ীভাৱে বসতি স্থাপন কৰিব বুলি অনুমান কৰা হৈছে। যদিও এই সংখ্যা ২০২৩ আৰু ২০২৪ৰ তুলনাত কম তথাপি ধনাঢ্যৰ দেশ ত্যাগৰ ধাৰা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই।

এই তথ্যক লৈ দেশৰ মুখ্য বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নিখিল ভাৰত কংগ্ৰেছে আজি অফিচিয়েল ফেচবুক পেজযোগে এই বিষয় উত্থাপন কৰি তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে কেন্দ্ৰৰ মোদী চৰকাৰক। কংগ্ৰেছে কয় যে দেশৰ বাবে এটা দুঃসংবাদ এয়াই যে ২০২৫ চনত ৩,৫০০ জন ভাৰতীয় কোটিপতিয়ে দেশ এৰি বিদেশত স্থায়ীভাৱে থিতাপি ল’ব। এইসকল ব্যক্তিয়ে দেশ এৰি লৈ যোৱা মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২২,২৯,৬০,০০০ কোটি টকা।

ইফালে, বৃহৎসংখ্যক কোটিপতিয়ে দেশ এৰাৰ কাৰণ বৰ্ণনা কৰিছে কংগ্ৰেছে৷ দেশৰ বিৰোধী দলটোৱে কয় যে মোদী চৰকাৰৰ সময়ত নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে সাধাৰণ নাগৰিক। যাৰ বাবে দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছে সামৰ্থবান সকলে। ইয়াৰোপৰি চৰকাৰৰ নীতিৰ ওপৰত জনতাৰ আস্থাহীনতা আৰু মোদী চৰকাৰৰ ‘টেক্স টেৰ’ৰত ভীতিগ্ৰস্ত হৈ ধনাঢ্যসকলে এৰিব বিচাৰিছে মাতৃভূমি ভাৰত।

অন্যহাতে, দেশত অত্যন্ত ব্যয়বহুল হৈ পৰা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱাৰ পুতৌলগা অৱস্থাও বহুতকে দেশবিমুখ কৰাৰ কাৰণ হৈ পৰা বুলি দাবী কৰে কংগ্ৰেছে। তেওঁলোকে লগতে অভিযোগ কৰে যে, বিজেপিৰ শাসনৰ এই সময়ছোৱাত দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে, প্ৰদূষণে ইতিমধ্যেই ভাঙিছে সৰ্বকালৰ সকলো অভিলেখ। ঘৃণা আৰু অপৰাধে গো-গ্ৰাসে গিলা ভাৰত এতিয়া সামৰ্থবান ধনী লোকৰ বাবে পছন্দৰ দেশ হৈ থকা নাই বুলিও অভিযোগ কৰে দেশৰ প্ৰধান বিৰোধী দলটোৱে।

লগতে কংগ্ৰেছে কয় যে নৰেন্দ্ৰ মোদীয়ে দেশ চলাবলৈ সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাটো প্ৰমাণিত হৈছে। উল্লেখ্য যে ২০২৩ চনত প্ৰায় ৫,১০০ জন কোটিপতিয়ে ভাৰত এৰি যাব বুলি অনুমান কৰা হৈছিল। ২০২৪ চনত সেই সংখ্যা আছিল ৪,৩০০ জন। কিন্তু ২০২৫ত দেশ এৰিব ৩,৫০০ জন কোটিপতিয়ে৷ বিশেষজ্ঞৰ মতে বিদেশত স্থায়ী বসতি গ্ৰহণত ভাৰতীয় কোটিপতিসকলৰ উৎসাহ কিছু পৰিমাণে হ্ৰাস পাইছে।

অৱশ্যে বিগত দহ বছৰত অৰ্থাৎ ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতত ৭২ শতাংশ বৃদ্ধি পাইছে ধনৱন্তৰ সংখ্যা। এই সময়ছোৱাত যিসকল ধনীয়ে দেশ এৰি গৈছে তেওঁলোকৰ মুঠ ধন-সম্পত্তিৰ মূল্য প্ৰায় ২৬.২ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। এইসকল কোটিপতিয়ে মূলতঃ ‘টেক্স ফ্ৰেইণ্ডলি কাউণ্ট্ৰি’ৰূপে পৰিচিত মোনাকো, ডুবাই, মাল্টা আদিত থিতাপি লৈছে৷

লক্ষণীয়ভাৱে, সংযুক্ত আৰব আমীৰশ্বাহী হৈছে কোটিপতিসকলৰ প্ৰথম পছন্দ৷ ২০২৫ত প্ৰায় ৯,৮০০ জন বিশ্বৰ ধনীয়ে ইয়াত থিতাপি ল’ব বুলি অনুমান কৰা হৈছে। দ্বিতীয় স্থানত আছে আমেৰিকা৷ বিশ্বৰ ৭,৫০০ কোটিপতি এইবাৰ আমেৰিকালৈ যাব বুলি অনুমান কৰা হৈছে। কৰ নীতি, আধুনিক জীৱনশৈলী আৰু গ’ল্ডেন ভিছাৰ সুবিধাৰ বাবে ভাৰতৰ ধনাঢ্যসকলে দেশ এৰি বিদেশত থিতাপি লোৱাৰ অন্যতম কাৰণ৷

ব্ৰিটেইন, ভাৰত, ৰাছিয়া, দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাৰ বহু কোটিপতিয়ে এই সুবিধাৰ বাবে সংযুক্ত আৰব এমিৰেটছ, আমেৰিকা, চৌদি আৰব আদিত থিতাপি ল’ব বিচাৰে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0