Home ৰাজ্যওদালগুৰিৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছন বিটিআৰ, কংগ্ৰেছক তীব্ৰ সমালোচনা

ওদালগুৰিৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছন বিটিআৰ, কংগ্ৰেছক তীব্ৰ সমালোচনা

by News Next One
A+A-
Reset

ওদালগুৰিঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ওদালগুৰিৰ পৰা পাঁচদিনীয়া ভ্ৰমণসূচীৰে আৰম্ভ কৰে মিছন বিটিআৰ। এই অনুযায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনৰ প্ৰায় ১১.৩০ বজাত ওদালগুৰি জিলাৰ আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ বিভিন্ন আঁচনিৰ বুজ লয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা, জিলাখনৰ প্ৰতিগৰাকী বিধায়কৰ উপস্থিতিত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতিব বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পিছত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, “আমি অসম চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় ৩.০, মহিলা উদ্যমিতা, আত্মনিৰ্ভৰ অসম, এটি কলি দুটি পাতৰ লগতে বিভিন্ন আঁচনি জিলাখনত কেনেদৰে ৰূপায়ণ হৈছে তাৰ বুজ লওঁ। অসমৰ তুলনাত বিটিআৰত এই আঁচনিসমূহৰ কাম কিছু লেহেম হৈছে। অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিআৰ নিৰ্বাচন। দুৰ্গাপূজাৰ পূৰ্বে বিটিআৰ নিৰ্বাচনৰ ফলাফল ওলাই যাব।”

তেওঁ আৰু কয়, “বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে। বিটিআৰত সকলোৱে নিজা নিজাকৈ নিৰ্বাচন খেলে। বিপৰীতে বিধানসভা বা লোকসভা নিৰ্বাচনত যুটীয়াভাৱে নিৰ্বাচন খেলা হয়। বিটিআৰত বিজেপিয়ে সকলোৰে সৈতে বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিব। আমি কাকো সমালোচনা নকৰো। আমি কিমানখন আসনত নিৰ্বাচন খেলিম সেয়া এতিয়াও স্পষ্ট নহয় যদিও আমি ৩৮ টা পৰিষদীয় সমষ্টিৰ সম্ভাৱনাপূৰ্ণ সমষ্টিবোৰক লৈ তত্ত্বাৱধায়কে আমাক প্ৰতিবেদন দিব। সেই প্ৰতিবেদনখন সভাপতিয়ে চাই সিদ্ধান্ত ল’ব কোন সমষ্টিত খেলিলে আমাৰ লাভ হ’ব। কিন্তু আমি বিটিআৰৰ শান্তি বিঘ্নিত হোৱাটো নিবিচাৰো। আমাৰ লক্ষ্য নিৰ্বাচনতকৈ শান্তি আগত। শান্তি থাকিলে নিৰ্বাচন চলি থাকিব।”

একেদৰে আচাৰ্য পংকজ পাঠকৰ সৈতে গোৱালপাৰাত সংঘটিত ঘটনাত উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ঘটনাটো মই দেখিছো, মাৰপিট কৰাটো বেয়া হৈছে। আৰক্ষীয়ে যি ব্যৱস্থা ল’ব লাগে সেয়া ল’ব।”

ৰাজ্যত চলি থকা গৰুৰ প্ৰসংগত কংগ্ৰেছৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছে য’ত মাতিব লাগে তাত নামাতে। অসমত হাজাৰ হাজাৰ গৰু কোৰবানি হৈ আছে। জীয়াই থকা গৰুত মাতিব লাগে নে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই প্ৰত্যাহ্বান জনাওঁ যে গৰুৰ ওপৰত মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই। গৰুৰ সলনি ছাগলীৰ কোৰবানি কৰক বুলি আহ্বান জনাবলৈ বিজেপিৰ সাহস আছে। কিন্তু কংগ্ৰেছে পাৰিব নেকি? ৰাজ্যৰ দোকানে-পোহাৰে, নামঘৰ, মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকিলে কংগ্ৰেছে প্ৰতিবাদ কৰা দেখিছে নেকি? ৰাজ্যৰ নামঘৰৰ সন্মুখত গৰু মাংস উদ্ধাৰ হোৱা ঘটনাত কংগ্ৰেছে গৰিহণা দিয়া নাই। কংগ্ৰেছে জীয়াই থকা গৰুৰ সলনি মৰা গৰুৰ কথা ক’ব লাগে যে কোনে মাৰিলে। কংগ্ৰেছ দলটো ওলোটা। য’ত মাত দিব লাগে তাত নিদিয়ে আৰু য’ত মাত দিব নালাগে তাত মাত দিয়ে।”

গৰুখুটি প্ৰকল্প সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছৰ লক্ষ্য হৈছে গৰুখুঁটি প্ৰকল্পটো বন্ধ কৰা। কাৰণ গৰুখুঁটিৰ পৰা উচ্ছেদিত লোকসকল যাতে পুনৰ গৰুখুঁটি প্ৰকল্পস্থলীত বহিব পাৰে। নাৰেংগী-কুৰুৱা দলং সম্পূৰ্ণ হ’লে গৰুখুঁটি অঞ্চলৰ মাটিৰ মূল্য বহুত বৃদ্ধি হ’ব। যাৰ ফলত আমাৰ খিলঞ্জীয়া লোকে মাটিৰ অধিকাৰ লাভ কৰিব। গৰুখুঁটি প্ৰকল্পটো প্ৰায় লাভৰ দিশে আগবাঢ়িছে। মই কিন্তু প্ৰকল্পটোৰ পৰা লাভ বিচৰাৰ সলনি ভূমিখিনি ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰিছো। প্ৰকল্পটোৰ ভূমিৰ মূল্য বৃদ্ধিৰ দ্বাৰাহে আমি লাভৱান হ’ম।”

কংগ্ৰেছ দলক কটাক্ষ কৰি তেওঁ আৰু কয়, “দলটোলৈ মোৰ দুখ লাগে। তেওঁলোকে কোৰবানিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰৰ সন্মুখত গৰু মাংস থ’লে মাত মাতিব নোৱাৰে। সেই দলে আকৌ গৰুক লৈ ৰাজনীতি কৰি আছে। গতিকে কংগ্ৰেছে অদৰকাৰী কামত সময় নষ্ট কৰাতকৈ ভাল কামত সময় নষ্ট কৰক।”

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে পোনে পোনে উপস্থিত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। খেলপথাৰখনত অনুষ্ঠিত জিলা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আগষ্টৰ ভিতৰত ওদালগুৰি জিলাৰ এক লাখ বিশ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা দিম। ওদালগুৰি জিলাত মুখ্য মন্ত্ৰী উদ্যমিতা আঁচনি ১.৫ গৰাকীয়ে লাভ কৰিব। ২৫০০ যুৱকে আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন লাভ কৰিব, চাহ বাগিচাৰ লোকসকলে এটি কলি দুটি পাত আঁচনিৰ ৫ হাজাৰ টকা তথা নতুনকৈ অধিক ৰেচন কাৰ্ড লাভ কৰিব। চৰকাৰৰ সকলো আঁচনি যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে তাৰ বাবে পাঁচ দিন বিটিআৰৰ প্ৰতিখন জিলা ঘূৰিম। বিটিআৰৰ প্ৰতিজন খিলঞ্জীয়া লোকে ভূমি অধিকাৰ লাভ কৰিব লাগিব। আমাৰ মাজত থকা শান্তি-সম্প্ৰীতি যাতে কোনেও বিঘ্নিত কৰিব নোৱাৰে তাৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগিব।”

“শান্তি আৰু অধিকাৰ পালে বিটিআৰ সৰ্বোচ্চ দিশত আগুৱাই যাব। বিটিআৰৰ কোকৰাঝাৰ, তামুলপুৰৰ সমান্তৰালভাৱে ওদালগুৰিত চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব। ভূটান চৰকাৰৰ সৈতে ইতিমধ্যে কথা পাতিছো যাতে বাক্সা, ওদালগুৰিৰ ৰাইজে ভূটানৰ পানী ব্যৱহাৰ কৰিব পাৰে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়েও বিটিআৰলৈ আহি শান্তিৰ বাৰ্তা দিছে। প্ৰতিখন গাঁৱৰ প্ৰতিজন যোগ্য লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব লাগিব। আমি বিটিআৰত নতুন উন্নয়নৰ দিগন্তৰ সূচনা কৰিম। বিটিআৰত কংগ্ৰেছৰ বাহিৰে কোনো ৰাজনৈতিক দলৰ সৈতে আমাৰ শত্ৰুতা নাই। আমি কাৰো বিৰুদ্ধে নিৰ্বাচন খেলা নাই, আমি কেৱল বিটিআৰৰ উন্নয়নৰ বাবে নিৰ্বাচন খেলিম।”-ভাষণত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয়, “বিটিআৰত সৰ্বস্তৰৰ উন্নয়ন হ’ব লাগে। আমি এটা কথা নিশ্চিত কৰিব বিচাৰো যে যোৱা ৫ বছৰত আমি বিটিআৰত শান্তি আনিলো, এইবাৰ অহা ৫ বছৰত বিটিআৰত বিকাশৰ বাবে কাম কৰিম। আমি বিটিআৰত বিধায়ক, ইএম, এমচিএলএ পাইছো যদিও কিছু যেন কম হৈ আছে। সেয়েহে এইবেলি অধিক শক্তি লাভৰ বাবে অধিক আসনত জয় হ’ব লাগিব। বিটিআৰ পৰিচালনাত বিজেপিয়ে যাতে শক্তিশালী ভূমিকা ল’ব পাৰে তাৰ বাবে আমি কাম কৰিব লাগিব। বিটিচিত যোৱা ৫ বছৰত ইউপিপিএল, বিজেপিৰ নেতৃত্বত শান্তি আহিছে মানিছো কিন্তু ইয়াৰ লগতে আমি অধিকাৰসমূহো পাব লাগিব। আমি সকলোৱে প্ৰতিটো বুথ শক্তিশালী কৰিব লাগিব। বিটিআৰত যদি আমি ভাল ফলাফল দেখুৱাব পাৰো তেন্তে ২০২৬ ত অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ অহাটো নিশ্চিত। কংগ্ৰেছ দলে ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে যদিও ৰাইজে তেওঁলোকক বাৰে বাৰে হৰুৱায়। আপোনালোকে এইবাৰ বিটিআৰত কংগ্ৰেছক এটা ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে কংগ্ৰেছে ইয়াত আৰু নিৰ্বাচন খেলিবলৈ নাহে।”

কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা-হিংসা, সংঘৰ্ষ, বিস্ফোৰণ হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছে বিটিআৰত শান্তি বিচৰা নাছিল। কিন্তু বিজেপিয়ে বিটিআৰত শান্তি আনিলে। কংগ্ৰেছৰ ৰাজনীতি হৈছে ভাতৃঘাতী, হত্যা-হিংসাৰ ৰাজনীতি। আজি আমাৰ কৰ্মকৰ্তাসকলৰ উৎসাহে আমাক জনাইছে যে আমি এইবাৰ ভাল ফলাফল কৰিম। য’তেই কাৰ্যকৰ্তাই আমাক কয় তাতেই বিটিআৰত আমি নিৰ্বাচন খেলিম। আগন্তুক দুটা মাহত আপোনালোকে দলটোক শক্তিশালী কৰক। আপোনালোকে আমাক য’তে মাতে আমি তাতেই যাম। আপোনালোকে আজি বুথলৈ গৈ আমিৰ বাৰ্তাসমূহ বিলাই দিব। আমি আমাৰ নিজৰ নিজৰ বুথত বিজেপিক জিকাই আনিম। কালি-পৰহিৰ পৰা ওদালগুৰিত অৰুণোদয়ৰ কাম আৰম্ভ হ’ব। কোনোবা দুখীয়া লোক বাদ পৰিলে মণ্ডল সভাপতিক সকলোৱে জনাব। বিটিআৰত ৰাইজক সেৱা কৰাৰ বাবে, ইয়াত উন্নয়ন কৰাৰ বাবে আমাৰ শক্তি বিজেপিক দিম। দুৰ্গা পূজাৰ আগত বিটিআৰ নিৰ্বাচনৰ ফলাফল ওলাব আৰু দুৰ্গাপূজাৰ পিছত ২০২৬ ৰ নিৰ্বাচনৰ বাবে আমি কাম কৰিম। এইবাৰ বিটিআৰত আমি দেখুৱাব লাগিব যাতে বিজেপি এটা বিশাল ৰাজনৈতিক দল। সকলো বুথ সমিতিয়ে ২১ জনীয়া সদস্যৰ নাম-ফোন নম্বৰ দিয়াৰ লগতে প্ৰতিটো বুথত যুৱ বাহিনী গঠন কৰা হ’ব।”

আজিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাষণত কয়, “আমি বিটিআৰত দলটোক অধিক শক্তিশালী কৰিব লাগিব। আমি যোৱা চাৰে চাৰি বছৰত এনডিএ চৰকাৰে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।পূৰ্বে হত্যা-হিংসাৰে শিৰোনাম দখল কৰি থকা বিটিআৰত আজি সেই পৰিৱেশ নাই। আগন্তুক দিনতো বিটিআৰত অশান্তি কৰিব বিচৰা কোনো শক্তিকে আমি আগবাঢ়িব নিদিওঁ। বৰঞ্চ এই শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধক অধিক শক্তিশালী কৰিবলৈ আগন্তুক দিনত আমি কাম কৰিম। আমি সকলোৱে নিজৰ বুথসমূহ মজবুত কৰিব লাগিব। আমি আগন্তুক দিনবোৰত প্ৰতিটো পৰিষদীয় সমষ্টিত একোখনকৈ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰৰ হৈ কাম কৰি আহিছে। কেৱল বিটিআৰেই নহয় ৰাজ্যৰ প্ৰতিটো সৰু-বৰ জনগোষ্ঠীৰ বাবে কাম কৰি আহিছে মুখ্যমন্ত্ৰী শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। আমি বিটিআৰত বিকাশৰ বিষয়টোক প্ৰাধান্য দিছো। গতিকে এতিয়া কাম বেছি আৰু কথা কম কোৱাৰ সময়। গতিকে আগন্তুক বিটিআৰ চৰকাৰ গঠনৰ সময়ত ওদালগুৰিৰ পৰাই বিজেপিৰ হৈ যাতে অধিক আসনত যোগদান কৰিব পাৰে তাৰ বাবে কাম কৰিব লাগিব।”

আগন্তুক নিৰ্বাচনত বিজেপিক জিকোৱাৰ স্বাৰ্থত সকলোকে কাম কৰাৰ বাবে তেওঁ আহ্বান জনায়। আজিৰ এই কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী পীয়ূষ হাজৰিকা, বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, বিধায়ক পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতা, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীকে প্ৰমুখ্য কৰি বিজেপিৰ ইএম, এমচিএল তথা আন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0