মধ্য মাজুলীঃ ১৯৬২ মহাপ্ৰলয়ৰ সময়তে মাজুলীৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ একান্ত প্ৰচেষ্টাত গঢ়ি উঠা মাজুলী মহাবিদ্যালয় নামৰ মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠানত ভিন্ন সময়ত নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাজুলী মহাবিদ্যালয় মাজুলীবাসীৰ বাবে এক আৱেগৰ প্ৰতীক। বহুকেইজন স্বনামধন্য ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত প্রতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনত বিভিন্ন সময়ত উত্থাপন হোৱা নিযুক্তি কেলেংকাৰীৰ অভিযোগে মহাবিদ্যালয়ৰ পৰিয়ালৰ লগতে শুভাকাংক্ষী প্ৰাক্তন ছাত্র-ছাত্ৰী, অভিভাৱক সকলোক মনোকষ্ট দি আহিছে।
উল্লেখযোগ্য যে ২০২১ বৰ্ষত মাজুলী মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ সহকাৰী অধ্যাপক পদৰ নিযুক্তিত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ দাখিল হৈছে উচ্চ ন্যায়ালয়ত। জানিব পৰা মতে, জনৈক ৰিটেশ প্রসাদ নামৰ এজন প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আবেদনযোগে (গোচৰ নং WP(C) 3039/2021) উক্ত বাচনি প্রক্রিয়াক প্রত্যাহ্বান জনাইছে।
অভিযোগ কৰা অনুসৰি, সম্পূর্ণ বে-আইনীভাবে জনৈক আচার্য মোহন দাস নামৰ এগৰাকী লোকক মহাবিদ্যালয়খনত স্বজন-তোষণৰে নিযুক্তি দিয়া হৈছে বুলি অভিযোগ আনিছে। বাচনি পৰীক্ষাত নিয়ম বহির্ভূতভাৱে অত্যাধিক নম্বৰ দিয়াক লৈ দাখিল কৰা হৈছে এই অভিযোগ। জানিব পৰা মতে, এই বিষয়ত উচ্চ ন্যায়ালয়ে ২৮ মে’ত মাজুলী মহাবিদ্যালয়লৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে।
মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি, বাচনি সমিতি, মহাবিদ্যালয়ৰ অধ্যক্ষ, উচ্চশিক্ষা সঞ্চালকালয় আৰু আচার্য মোহন দাসৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগৰ এতিয়ালৈকে মহাবিদ্যালয় কর্তৃপক্ষৰ লগতে কোনো পক্ষই কোনো সদুত্তৰ দিয়া নাই৷ বিষয়টোৰ ক্ষেত্ৰত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষয়ো মন্তব্য দিয়াৰ পৰা বিৰত আছে। জানিব পৰা মতে ২০২০ চনৰ অক্টোবৰ মাহত মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ সহকাৰী অধ্যাপকৰ পদৰ বিজ্ঞাপন হৈছিল আৰু নিযুক্তিত ব্যাপক খেলিমেলি হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।
সচেতন মহলতো ইতিমধ্যে এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে, আজি মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগক অৱশ্যে পোনচাটেই নস্যাৎ কৰি এটা অনা-অসমীয়া লবীয়ে মাজুলীৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনৰ বদনাম কৰিছে বুলি জৈনেক ৰিটেশ প্ৰসাদক সকিয়নী প্ৰদান কৰি কয় যে ২০২০ চনতেই উচ্চ ন্যায়ালয়ত গোচৰ তৰি তিনিবছৰ কাল গোচৰটো চলাই নিবলৈ নিজেই উপস্থিত নহ’ল।
পৰৰ্ৱতী সময়ত ২০২৩ চনৰ পৰাহে গোচৰটোৰ বাবে পুনৰ উঠিপৰি লাগিছে। এই দিশত আমি ৰহস্যৰ গোন্ধ পাইছো বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ তুলি এই গোচৰৰ আঁৰত এটা মাজুলীক বদনাম কৰিব বিচৰা চক্ৰ জড়িত বুলি অভিযোগ তুলিছে। এই লোকজনৰ পিছত কোন জড়িত হৈ আছে এই কথাখিনিৰ এক উচিত তদন্ত হ’ব লাগে। এজন অনা-অসমীয়া লোকে আহি সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীকো কাঠগড়াত ঠিয় কৰাবলৈ কুণ্ঠাবোধ নকৰা এই অনা-অসমীয়া গোষ্ঠীয়ে ক’ত সাহস পাইছে বুলি সকিয়নী প্ৰদান কৰি ৪৮ ঘণ্টাৰ ভিতৰত ৰিটেশ প্ৰসাদক মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে।
ইফালে, ৰিটেশ প্ৰসাদ অনুসূচীত জাতিৰ লোক নহয় বুলিও মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নৱদ্বীপ বৰগোহাঁইয়ে। উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন বিষয়টোত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষয়ো নিমাতে থকা সময়ত মহাবিদ্যালয় এখনৰ আভ্যন্তৰীণ বিষয় এটাত একপক্ষীয়ভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এইদৰে সংবাদমেল আয়োজন কৰা বিষয়টোক লৈয়ো আজি চৰ্চা আৰম্ভ হৈছে।