77
newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ ১০ টা বিধানসভা সমষ্টি আৰু ৪ টা লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়৷ শাসকীয় বিজেপিক পৰাস্ত কৰি অধিকাংশ সমষ্টিতে বিৰোধীয়ে এইবাৰ নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷
বিহাৰৰ অন্যতম বিধানসভা সমষ্টি জোকিহাটৰ উপ-নিৰ্বাচনতো বিজেপি-জেডিইউ মিত্ৰ চৰকাৰক নস্যাৎ কৰি লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে বৃহৎ ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়৷