newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ কেইবাখনো জিলাক উজলাই তোলে কৃতী ছাত্ৰই৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷
ফলাফল অনুসৰি বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৩৭ হাজাৰ ৩৭৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৩২ হাজাৰ ৪৫গৰাকীয়ে। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৫,৭২৮ গৰাকী। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ক্ৰমে ১৩,৮২৫ আৰু ২৪৯২গৰাকীয়ে। ২০১৬ বৰ্ষৰ ৯০.৯৬ আৰু ২০১৭ বৰ্ষৰ ৮৬.২৪ ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.৭৪। পূৰ্বৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে৷ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাই ৯১.৪৩ নম্বৰেৰে উত্তীৰ্ণৰ তালিকাত শীৰ্ষত থাকে৷