মুম্বাইঃ মাজ আকাশতে ৰেডিঅ’ সংযোগ বিচ্ছিন্ন হৈ বাট দিশ হেৰুওৱা লণ্ডন অভিমুখী জেট এয়াৰৱেজৰ এখন বিমান আজি কথমপি ৰক্ষা পৰে। মুম্বাইৰপৰা ৰাওনা হোৱা জেট এয়াৰৱেজৰ Boeing 777-300 বিমানখনৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰাত আদবাটতে দিক হেৰুৱায় পেলায়। লগে লগে আতংকিত হৈ পৰে ৩৩০ জন যাত্ৰীসহ ১৫ জন ক্ৰিউ। 

জাৰ্মানীৰ আকাশত অতৰ্কিতে হোৱা এই জৰুৰী পৰিস্থিতিত পথ প্ৰদৰ্শক হিচাপে আবিৰ্ভাৱ হয় জাৰ্মান বায়ু সেনাৰ যুদ্ধ বিমান জেট। বিমানখনক এছক’ৰ্ট দি জাৰ্মান জেটে সুকলমে লণ্ডনত বিনামখন অৱতৰণ কৰোৱায়। 

ৰেডিঅ’ ফ্ৰিকুয়েঞ্চি ভুল কৰাৰ বাবেই এই বিপৰ্যয় ঘটা বুলি সন্দেহ কৰা হৈছে।