newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় বিমান সেৱা কোম্পানী জেট এয়াৰৱেজে এইবাৰ যাত্ৰীৰ বাবে এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ জেট এয়াৰৱেজৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা যাত্ৰীয়ে বিমানত মাত্ৰ এটা ১৫ কিলো ওজনৰ বেগ লৈহে যাত্ৰা কৰিব পাৰিব৷ কিন্তু ইয়াৰ পূৰ্বে যাত্ৰীয়ে ১৫ কিলো ওজনৰ দুটা বা তিনিটা বেগ নিজৰ লগত কঢ়িয়াবলৈ অনুমতি লাভ কৰিছিল৷

আনহাতে, জেট প্ৰিভিলাছ ক্লাছৰ টিকত ক্ৰয় কৰা যাত্ৰীয়ে ১৫ কিলো ওজনৰ দুটা বেগ লৈ যাব পাৰিব আৰু প্ৰিমিয়াৰ ক্লাছেৰে যাত্ৰা কৰা যাত্ৰীয়ে ২৫ কেজি ওজনৰ দুটা বেগ কঢ়িয়াব পাৰিব বুলিও নতুন নিয়ম ঘোষণা কৰিছে জেট এয়াৰৱেজে৷ 

জেট এয়াৰৱেজৰ এই নিয়ম উলংঘন কৰা যাত্ৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া এতিয়াও প্ৰকাশ কৰা নাই৷ সদ্যহতে অতিৰিক্ত বেগ কঢ়িওৱাৰ বাবদ যাত্ৰীয়ে কোনো ধৰণৰ জৰিমণা আদায় দিবলগীয়া হোৱা নাই৷

জেট এয়াৰৱেজে এই নতুন নিয়ম ১৫ জুনৰ পৰা ভাৰতীয় বিমান সেৱাত লাগু কৰিছে৷ ১৪ জুনৰ পূৰ্বে হোৱা বুকিং আৰু ১৫ জুলাইৰ পূৰ্বে কৰা যাত্ৰাত এই নিয়ম লাগু নহয় বুলিও কম্পানীয়ে স্পষ্ট কৰি দিছে৷

উল্লখ্য যে, বিমান সেৱাত এনে নিয়ম প্ৰৱৰ্তন কৰা জেট এয়াৰৱেজ ভাৰতৰ প্ৰথমটো বিমান এয়াৰলাইন হিচাপে নিৰূপিত হৈছে৷ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত এই নিয়ম পূৰ্বৰে পৰা লাগু হৈ আছে৷