ডিজিটেল ডেস্কঃ জেহাদীৰ কুটাঘাটেৰে পুনৰ কপি উঠিব পাৰে দেশ৷ শতাধিক জেহাদিয়ে প্ৰবেশ কৰিব পাৰে ভাৰতত৷ জেহাদিয়ে প্ৰত্যেকদিনাই ভাৰতত সোমোৱাৰ ন ন পৰিকল্পনাৰ কথা চোৰাংচোৱা সূত্ৰই সততে প্ৰকাশ কৰি অহাৰ সময়তে ভাৰতীয় সেনাই প্ৰকাশ কৰিছে এই নতুন তথ্য৷
কাশ্মীৰ সীমান্তৰে ভাৰতত সোমাব পাৰে প্ৰায় ১৫০ জেহাদী৷ কাশ্মীৰ উপত্যকাৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ ১৫ কৰ্পচৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জে এছ সান্ধুয়ে জনাইছে এই কথা৷ পাক অধিকৃত কাশ্মীৰৰ ‘টেৰৰ লঞ্চপ্যেড’ত ভাৰতত অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে৷