Home ৰাজ্যৰংঘৰৰ বাকৰিৰপৰা জিতেন দত্তৰ সাহিত্য সভাক সকীয়নি

ৰংঘৰৰ বাকৰিৰপৰা জিতেন দত্তৰ সাহিত্য সভাক সকীয়নি

by News Desk
A+A-
Reset
d755068c-41c5-4c14-a535-ed7c9636249d

শিৱসাগৰঃ সমগ্র ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্রতিবাদ অব্যাহত ৰখাৰ সময়ত ঐতিহাসিক ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসমৰ আলোচনাপন্থী গোটৰ সদস্য জিতেন দত্তই অসম সাহিত্য সভাক সমালোচনাৰে থকা-সৰকা কৰে। স্বাধীন অসমৰ লক্ষ্যৰে এই ৰংঘৰৰ বাকৰিতে জন্ম লাভ কৰা আলফাৰ আলোচনাপন্থী নেতাজনে আজি ইয়াৰপৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনায়। অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নৰম পন্থা আৱলম্বন কৰি বাঙালী সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে। আনকি সাহিত্য সভা বিক্ৰী গৈছে বুলিও অভিযোগ কৰে দত্তই। সাহিত্য সভাক সুকুমাৰ বিশ্বাসৰ সংগ এৰি ৰাজপথত থিয় হ’বলৈও আহ্বান জনায়। নহলে  সাহিত্য সভাৰ প্রতি ৰাইজৰ আস্থা নাথাকিব বুলি সকীয়াই দিয়ে। এই ৰংঘৰৰ বাকৰিৰপৰাই জাতীয় অভ্যুত্থানৰ পোষকতা কৰি গণ প্ৰতিৰোধ সংগ্ৰামৰ যোগেদি অসমৰ তেলকে ধৰি সকলো সম্পদ বাহিৰলৈ যোৱা বন্ধ কৰি দিয়াৰ আহ্বান জনায় দত্তই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0