ডিব্ৰুগড়ঃ সুদীৰ্ঘ সময় হাতত AK-47 লৈ হাবি-জংঘলে ঘূৰি বিদ্ৰোহ কৰা জীতেন দত্তই এইবাৰ নিজ পৰিকল্পনাৰে গীত নিৰ্মাণ কৰি জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলাইছে৷ চেনেহৰ অসমখনৰ জাতীয়তাবাদ টনকিয়াল কৰাৰ তাগিদাত অালোচনাপন্থী অালফা নেতা জীতেন দত্তই নিজাববীয়া প্ৰযোজনা অাৰু পৰিকল্পনাৰে ৮টাকৈ গীত বাণীৱদ্ধ কৰি শনিবাৰে মুকলি কৰে৷
জাতি-মাটিৰ গোন্ধ থকা ৮টা গীতৰে মুক্তি দিয়া অডিঅ’ কেছেটটোৰ দত্তই নাম দিছে ‘অাই’৷ শনিবাৰে ‘আই’ উন্মোচন কৰে সংযুক্ত মুক্তি বাহিনীৰ সাধাৰণ সাম্পাদক অনুপ চেতিয়াই৷ শনিবাৰে যোৰহাট জিলা পুথিভৰালত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ অদীপ ফুকন, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অালফা নেতা প্ৰবাল নেওঁগে জীতেন দত্তৰ উপস্থিতিত উন্মোচন কৰা ‘আই’ নামৰ কেছেটখনৰ গীতত কণ্ঠদান কৰিছে ৰাজীৱ শদিয়া অাৰু হৃতিস্মান দত্তই।