Home ৰাজ্যবিদেশীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব, জনগনক কথা দিলে জীতেনে

বিদেশীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব, জনগনক কথা দিলে জীতেনে

by News Desk
62 views
A+A-
Reset

গুৱাহাটীঃ শনিবাৰে চাৰি বজাত মৰাণ আৰক্ষী থানাত উপস্থিত হ’ব আলফা নেতা জীতেন দত্ত৷ জীতেন দত্তই খোদ নিজৰ ফেচবুক একাউন্টত এটি আপডেট দি এই কথা ব্যক্ত কৰে৷ জীতেন দত্তই ফেচবুক একাউন্ট যোগে আজি চাৰি বজাত মৰাণ থানাত উপস্থিত হ’ম বুলি উল্লেখ কৰি মোক গ্ৰেপ্তাৰ কৰিলেও বিদেশীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব, জনগনক কথা দিলো বুলি মন্তব্য আগবঢ়ায়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সৈতে একেখন সভাত উপস্থিত থাকি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত নাম সাঙোৰ খাই পৰিছিল আলফা নেতা জীতেন দত্ত৷

আলফা নেতা জীতেন দত্তক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষী সাজু হোৱা বুলি প্ৰচাৰ হৈ থকাত প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে দত্তই ফেচবুকত এনেদৰে আপডেট দিয়ে। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতা অখিল গগৈক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে প্ৰাক্তন আলফা নেতা জীতেন দত্তক ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ জাননী জাৰি কৰে যোৱা ১৪ চেপ্তেম্বৰত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0