Home দেশজম্মু-কাশ্মীৰত নিহত ২ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিহত ২ সন্ত্ৰাসবাদী

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰিৱেশ উত্তাল হৈ আছে৷ বুধবাৰে পুনৰ ৰাজ্যখনৰ শ্ৰীনগৰৰ নৌগামৰ সুথু অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত তুমুল সংঘৰ্ষ হয়৷ আনহাতে এই সংৰ্ঘষত দুই সন্ত্ৰাসবাদী নিহত হয়। সুৰক্ষাজনিত কাৰণত ৰাজ্যখনত আজি ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছে৷ জানিব পৰা মতে, এই ঘটনাৰ পূৰ্বে দোওবাৰে পুৱা সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ সংৰ্ঘষত ৩ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এই ঘটনাৰ পিছতে সংঘটিত হোৱা বোমা বিস্ফোৰণত ৫ জন লোক নিহত হৈছিল৷ নিহতসকলৰ মাজত সেনাজোৱান তথা সাধাৰণ নাগৰিকো আছে৷ উল্লেখযোগ্য যে কালি শ্ৰীনগৰ ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে৷ ভ্ৰমণকালত তেওঁ কয় যে চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰিবলৈ সাজু আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ গৈ দায়িত্বৱান লোকসকলক সাক্ষাৎ কৰিছিল যদিও দেশখনে আলোচনাৰ বাবে পৰিৱেশেই সৃষ্টি কৰিব নোৱাৰিলে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0