দিল্লীঃ পুনৰ বিতৰ্কই ঘেৰিছে চেণ্টাৰ অব এক্সেলেঞ্চিক। শেহতীয়াভাৱে ভাৰত চৰকাৰৰপৰা দেশখনৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বঁটা লাভ কৰা শিক্ষানুষ্ঠানখনতে সমঅধিকাৰ নাপাই আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা পোহৰলৈ আহিছে।
আত্মহত্যাৰ পুৰ্বে সম অধিকাৰক লৈ ছচিয়েল মিডিয়াত আক্ষেপ কৰিছিল দলিত ছাত্ৰ মুথুকৃষ্ণনে। ‘যেতিয়া সমঅধিকাৰ অস্বীকাৰ কৰা হয়, সকলো অস্বীকাৰ কৰা হয়’- আত্মহত্যাৰ কেইদিনমান পুৰ্বেই চ’চিয়েল মিডিয়াত এইদৰে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় জেএনইউত দলিত ছাত্ৰই সমঅধিকাৰৰ পৰা বঞ্চিত বুলি প্ৰকাশ কৰিছিল মুথুকৃষ্ণনে৷ দলিত ছাত্ৰৰ আত্মহত্যাই এতিয়া কঁপাই তুলিছে জেএনইউ৷