newsnextone.com | মৰিগাঁওঃ মৰিগাঁও জিলাত জৱ কাৰ্ডক কেন্দ্ৰ কৰি বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত জিলা উপায়ুক্ত হেমেন দাসে গ্ৰ্হণ কৰা ভূমিকাক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন দল সংগঠন সৰৱ হৈ পৰিছে। জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত অভিযোগ সন্দৰ্ভত যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আজি মৰিগাঁও চহৰৰ মাজমজিয়াত হেমেন দাসৰ প্ৰতিকৃতি দাহ কৰে।

উল্লেখ্য যে, জিলাখনৰ পকৰীয়া মৌজাত এম জি এনৰেগা আচনিৰ অধীনত ৰাজ্যখনৰ ভিতৰতে দীৰ্ঘতম মথাউৰিটো নিৰ্মাণ কৰি থকা হৈছে। ৪৯ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত কৰি থকা এই আঁচনিৰ সুযোগ লৈ এটি অসৎ চক্ৰই এই টকাৰ বৃহতাংশ লুণ্ঠন চলোৱাৰ উদ্দেশ্যে লেহপটি গাঁও পঞ্চায়তত বৃহত সংখ্যক ভুৱা জৱ কাৰ্ড সৃষ্টি কৰে।

এই ষড়যন্ত্ৰৰ কথা পোহৰলৈ অহাৰ পিছত পঞ্চায়তটোৰ ভাৰপ্ৰাপ্ত সচিব ইফতিকাৰ হুছেইন খানে বিষয়টো পৰীক্ষা কৰি পঞ্চায়তটোত বহুসংখ্যক ভুৱা জৱ কাৰ্ডৰ অৱস্থিতি ধৰা পেলোৱাৰ লগতে ভুৱা জৱ কাৰ্ডসমূহ কৰ্তন কৰিবলৈ গ্ৰাম ৰোজগাৰ সহায়ক পবিত্ৰ বিশ্বাসক নিৰ্দেশ দিয়ে। কিন্তু পঞ্চায়ত সচিব গৰাকীয়ে বাৰম্বাৰ এই নিৰ্দেশ দিয়াৰ পিছতো এই ক্ষেত্ৰত গা নলৰিল পবিত্ৰ বিশ্বাসৰ। 

ইফালে এই ষড়যন্ত্ৰৰ সন্দৰ্ভত তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ বিভিন্ন মহলে জিলা উপায়ুক্ত গৰাকীক আহ্বান জনাই যদিও এইক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে ৰহস্যজনক কাৰণত যথোপযুক্ত ব্যৱস্থা নোলোৱা বুলি অভিযোগ উঠিছে। উপায়ুক্ত গৰাকীৰ এনে ভূমিকাত ক্ষুন্ন হৈ আজি দুপৰীয়া মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মৰিগাঁও চহৰৰ মাজ মজিয়াত উপায়ুক্ত হেমেন দাসৰ পুত্তলিকা দাহ কৰাৰ লগতে বিষয়টি সন্দৰ্ভত শীঘ্ৰে যথোপয্উক্ত ব্যৱস্থা ন’ললে ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।