তুলসীবাৰীঃ বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰোল, ফিক্স-পে, কেজুৱেল আৰু ৱাৰ্ক-চাৰ্জ কৰ্মচাৰীৰ চাকৰি অদ্যপিও নিয়মীয়াকৰণ নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম যৌথ মাষ্টাৰোল শ্ৰমিক সন্থাই। সন্থাৰ সভাপতি আজিৰ আলি আৰু সম্পাদক কমলক্ষ্য দাসে এক বিবৃতি যোগে চৰকাৰৰ উদাসীনতাৰ ফলতে কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোকসকলj সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি কয়। একাংশ কৰ্মচাৰীৰ সন্তান অত্যন্ত মেধাৱী হোৱাৰ পাছতো প্ৰয়োজনীয় অৰ্থৰ অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাত বাধাগ্ৰস্ত হৈছে বুলি অভযোগ উত্থাপন কৰে।
ইতিমধ্যে সংগঠনৰ নেতৃত্বত দিছপুৰ লাষ্টগেটত কেইবাবাৰো অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াবক স্মাৰক পত্ৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ সমস্যাৰাজি সন্দৰ্ভত অৱগত কৰি আহিছে। আনকি দাবী সমূহ মুখ্যমন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়া বৰ্গৰ লগত কৰ্মচাৰী পৰিষদৰ নেতৃত্বত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছিল যদিও আইনী মেৰ-পেচৰ দোহাই দি নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে৷