ডিফুঃ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওক সামৰি এক পৃথক ৰাজ্যৰ দাবীত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত একেটা মঞ্চত অৱস্থান কৰে তিনি সংগঠনে৷ ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচিত জাতিৰ বাবে থকা ২৪৪(ক)ৰ আধাৰত স্বৰাজ্যৰ দাবীলৈ সংগ্ৰাম চলাই যোৱা কাঞ্চাচডিকম, জাকাছ আৰু আলোচনাপন্থী সহস্ত্ৰ সংগঠন কে এন এল এফে আজি ডিফুস্থিত কাঞ্চাছ ডিকমৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰে৷
সংবাদমেলখনত স্বৰাজ্য দাবী আন্দোলনক অধিক বলিষ্ঠ কৰি তুলিবলৈ পাহাৰীয়া জিলাখনৰ জনজাতি সকলৰ বাবে ঐক্যবদ্ধ ভাবে কাম কৰাৰ বাবে সংকল্পবদ্ধ হয় বুলি জানিব দিছে সংগঠনকেইটাই৷