হোজাইঃ সোমবাৰে পুৱাৰে পৰা হোজাই জিলাৰ যমুনামুখত বেংকত গ্ৰাহকৰ ব্যাপক ভিৰ কৰা পৰলক্ষিত হয়৷ জানিব পৰা মতে, হোজাই জিলাৰ যমুনামুখ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পুৰুষ মহিলাই ঘৰৰ পৰা ওলাই আহি বেংকত ভিৰ কৰে৷ শ-শ লোকে পুৱাৰে পৰা বেংকৰ পৰা একাউন্টৰ ধন উলিয়াবলৈ আহে৷ হঠাৎ দৌৰা দৌৰিকে লোকসকলে এনেদৰে ওলাই অহাত কৌতুহলৰ সৃষ্টি হয় যমুনামুখত৷
ইউনাইটেড বেংকৰ যমুনামুখ শাখাত ভি কৰা গ্ৰাহকসকলে জন ধন যোজনাৰ একাউন্টৰ পৰা চৰকাৰে সোমাই দিয়া টকা উলিয়াবলৈ আহে৷ খবৰ প্ৰচাৰ হোৱা মতে, চৰকাৰে জন ধন যোজনাৰ বেংক একাউন্টত পইচা ভৰাই দিছে৷ এই খবৰ যমুনামুখৰ বনজুইৰ দৰে বিয়পি পৰাত বেংকলৈ ঢাপলি মেলে একাশং লোক৷ সকলোৱে নিজৰ নিজৰ একাউন্ট আপডেট কৰিবলৈ বেংকৰ ভিতৰে বাহিৰে লাইনত থিয় দিয়ে৷