61
জোনাইঃ ধেমাজি জিলাৰ জোনাইৰ গালী বৰবালিত শনিবাৰে পথ দুৰ্ঘটনাত এটি ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে। লাইমেকুৰীৰ নিবাসী হৰিশ সোণোৱালৰ ৯ বছৰীয়া পুত্ৰ তাকাৰ সোণোৱালে মাতৃৰ সৈতে এখন মেজিকত উঠি গালী বৰবালি স্থিত মোমায়েকৰ ঘৰলৈ গৈ আছিল৷
বৰবালি তিনিআলিত মেজিকৰ পৰা নমাৰ সময়তে ইটানগৰৰ পৰা পাছিঘাট অভিমুখে তীব্র বেগেৰে আহি থকা এআৰ-০৯-এ-৮৭২৫ নম্বৰৰ উইংগাৰে তাকাৰ সোণোৱালক মহতিয়াই নিয়ে৷ ফলত থিতাতে মৃত্যু হয় ৯ বছৰীয়া তাকৰৰ।