যোৰহাটঃ যোৰহাটৰ চিনামৰাত ফাগুনৰ প্ৰথম বুধবাৰত আলি-আয়ে-লৃগাং উদযাপন কৰা হয়। 

বিষ্ণুপুৰ গাঁৱৰ মিচিং ৰাইজৰ দ্বাৰা আয়োজিত কৰা হয় এই উৎসৱৰ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা। 

আনহাতে, সভাত সভাপতিত্ব কৰে শিক্ষক ললিত পেগুৱে। পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মণিৰাম দলে৷ নিয়াৰিকৈ চলাই নিয়া অনুষ্ঠানটিত সকলোৱে আনন্দ-স্ফূৰ্তিৰে পৰম্পৰাগত নীতি-নিয়মৰে সুকলমে কাম-কাজ চলাই নিয়ে৷