newsnextone.com । যোৰহাটঃ
“আজি পুৱাতে পৰিবাৰে ছোৱালীৰ বাবে টিফিন বনাবলৈ লওঁতে পোহৰলৈ আহিল বিষয়টো ।দেওবৰীয়া বজাৰ কৰিবলৈ গৈ কালি যোৰহাট জে বি ৰোডৰ এজন অনা-অসমীয়া ব্যৱসায়ীৰ পৰা ২২ টকা দৰত তিনি কিল’গ্ৰাম আলু কিনিছিলো। সুন্দৰ নিপোটল আলু। কিন্তু পুৱা পৰিবাৰে ইয়াৰে এটা আলু কাটোতে দেখিলে ভিতৰটো কলা পৰা। দ্বিতীয়টো কাটোতে দ্বিতীয় টো ভিতৰটো কলা পৰা। তাৰ পিছত তিনি কে জি আলুৰ গোটেই খিনিয়েই কটাত দেখা গ’ল – প্ৰতিটোৰে ভিতৰটো কলা পৰা আৰু আলু বোৰৰ ভিতৰৰ পৰা ওলাইছে উৎকট গোন্ধ ।”