Home ৰাজ্যপ্ৰেমৰ অভিনয়ৰে যুৱতীক যৌন নিৰ্যাতন যুৱকৰ

প্ৰেমৰ অভিনয়ৰে যুৱতীক যৌন নিৰ্যাতন যুৱকৰ

by News Desk
A+A-
Reset
e9b97b79-156f-437a-a89e-73e5d82a5e91

newsnextone.com | খেৰণিঃ মোবাইল ফোন ব্যৱহাৰ কৰিব জানিলে ই সঁচাকৈ সুবিধাজনক আৰু ব্যৱহাৰ কৰিব নাজানিলে হব পাৰে মৰণফান্দ।বৰ্তমান সময়ত মোবাইল ফোনত প্ৰেম হোৱাটো কোনো নতুন কথা নহয়।এনে বহু কাহিনী পূৰ্বতেও ঘটিছে।মোৱাইল ফোনে বহুতৰ সংসাৰ পাতিছেও আৰু বহুতক প্ৰেমৰ জালেৰে হাবু-ডুবু খোৱাইছে।হয়,তাৰে প্ৰতীয়মান হল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত মাইলু অঞ্চলৰ এগৰাকী কিশোৰীৰ ক্ষেত্ৰত।ঘটনা বিৱৰণি মতে, এগৰাকী কিশোৰী যুৱতীয়ে মোবাইল ফোনৰ জৰিয়তে চিনাকি হল এগৰাকী যুৱকৰ সৈতে।যুৱকজনে  নিজকে লংকাৰ পাঞ্জাৱ বস্তিৰ ৰাহুল বিশ্বাস বুলি পৰিচয় দিয়ে।

 প্ৰায় এমাহ ধৰি ফোনতে কথা পতাৰ পাছত যুৱকজনে কিশোৰীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিয়ে ।২২ জুলাইত লম্পট যুৱকজনে পলুৱাই নিয়ে কিশোৰীগৰাকীক আৰু ৬ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ পিছত ২৮ জুলাইৰ নিশা পুনৰ কিশোৰীজনীক মাইলু অঞ্চলত আনি এঠাইত পেলাই থৈ পলায়ন কৰে।মোবাইল ফোনেই যেন কাল হল এইগৰাকী কিশোৰীৰ।কেৱল ইমানে নহয়,অসৎ চৰিত্ৰৰ যুৱকজনে কিশোৰীজনীৰ অশ্লীল ফটো চচিয়েল মেডিয়াত আপলোড কৰিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।পিছত কিশোৰীগৰাকীৰ অভিভাৱকে লম্পট যুৱকজনৰ বিৰুদ্ধে মাইলু উপ-আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0