চৰাইদেউঃ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত হোৱা একমাত্র পষেকীয় বাতৰি কাকত ‘চৰাইদেউ বাতৰি’ৰ সপ্তম প্ৰতিষ্ঠা দিৱস অহা ১৯মে’ত আয়োজন কৰা হৈছে। অনুষ্ঠানটি উদ্বোধন কৰিব চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে।
সপ্তম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এইবাৰ ‘চৰাইদেউ বাতৰি’য়ে ‘নিউজ লাইভ’ৰ বাৰ্তা সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈলৈ আগ বঢ়াইছে যুৱ সাংবাদিকতা বঁটা -২০১৭। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানৰ দিনাই ৰাজ্যৰ প্ৰতিভাৱান সাংবাদিকজনক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব।