ডিজিটেল ডেস্কঃ দেশত আকৌ দুৰ্বৃত্তৰ গুলীত নিহত হ’ল সাংবাদিক। মঙলবাৰে বাংগালুৰুত নিশা প্ৰায় ৮ বজাত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে জ্যেষ্ঠ মহিলা সাংবাদিক গৌৰী লংকেশক। চহৰখনৰ ৰাজাৰাজেশ্বৰী নগৰত থকা নিজ বাসগৃহত গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক।
খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছে বাংগালুৰু পুলিচ কমিছনাৰ। ‘নিচেই ওচৰৰ পৰা সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰা হৈছে। এই ঘটনা নিশা প্ৰায় ৮ বজাত সংঘিটত হৈছে।’-এইদৰে কয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।