ডিজিটেল ডেস্কঃ দেশত আকৌ দুৰ্বৃত্তৰ গুলীত নিহত হ’ল সাংবাদিক। মঙলবাৰে বাংগালুৰুত নিশা প্ৰায় ৮ বজাত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে জ্যেষ্ঠ মহিলা সাংবাদিক গৌৰী লংকেশক। চহৰখনৰ ৰাজাৰাজেশ্বৰী নগৰত থকা নিজ বাসগৃহত গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছে বাংগালুৰু পুলিচ কমিছনাৰ। 'নিচেই ওচৰৰ পৰা সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰা হৈছে। এই ঘটনা নিশা প্ৰায় ৮ বজাত সংঘিটত হৈছে।’-এইদৰে কয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই। 

প্ৰাথমিক অনুসন্ধানৰ অন্তত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জনাই যে তিনিটাকৈ গুলীয়ে তেওঁৰ ডিঙি আৰু বুকুত আঘাত কৰাত নিজ গৃহৰ দুৱাৰমুখতে ধলি পৰিছিল। আৰক্ষী বিষয়াগৰাকীয়ে বিশেষ তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিছে।

'Lankesh Patrike' নামৰ এখন কানাড়া টেবলইড সম্পাদনা আৰু প্ৰকাশ কৰি আহিছিল সাহসী সাংবাদিকগৰাকীয়ে। যিকোনো বিষয়ক লৈ মুকলিমূৰীয়াকৈ বাতৰি পৰিৱেশন কৰাতো আছিল তেওঁৰ সাংবাদিকতাৰ ধৰণ। এনে নিৰ্ভীক সাংবাদিকতাৰ বাবেই তেওঁ এনেদৰে আততায়ীৰ হাতত প্ৰাণ দিবলগীয়া হৈছে বুলি বাংগালুৰুৰ সাংবাদিক মহলে সদৰী কৰিছে। 

উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাৰ দুৰ্নীতি সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰি মানহানিৰ গোচৰত ৬ মাহৰ বাবে জেললৈ যাবলগীয়া হৈছিল ৫৫ বৰ্ষীয় সাংবাদিকগৰাকীয়ে। এই ঘটনাৰ এবছৰ নৌহওতেই এনদৰে দুৰ্বৃত্তই সাংবাদিকগৰাকীক গুলীৰে থকা-সৰকা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

সাংবাদিকগৰাকীক এনেদৰে গুলীয়াই হত্যা কৰাৰ পিছতে টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।