"সাংবাদিকতাৰ আদিপাঠ লোৱাৰ সময়ত সাপ্তাহিক 'প্ৰগতি' ৰ কাৰ্যালয়ত প্ৰায়ে লগ পাইছিলো দুলীয়াজানৰ নিৰ্মল দত্তক ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াবিদ গঢ় দিয়াত অপৰিসীম অৱদান আছিল দত্ত দাৰ ৷ ৯০ দশকত আলফাৰ উথানতো সহায় কৰিছিল দত্ত দাই ৷এজন প্ৰাক্তন সেনা হৈয়ো সেই সময়ত আলফাক তেওঁ বিভিন্ন প্ৰকাৰে সহায়ো কৰিছিল ৷ যাৰ বাবে অপাৰেচন বজৰং,ৰাইন' ৰ অভিযান কালত সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হবলগাত পৰিছিল নিৰ্মল দত্ত ৷যোৱা বুধবাৰে তেখেতৰ দেহাৱসান ঘটে ৷ তেখেতৰ মৃত্যুত একাঁজলী গভীৰ শ্ৰদ্ধা নিবেদিলো ৷"

                                       @ হীৰক জ্য়োতি কলিতা,