NewsNextOne । তেজপুৰঃ ১৯৪২ চনৰ পোন্ধৰ আগষ্টত সিংহপুৰুষ প্ৰাক্তন সাংসদ প্ৰয়াত পুৰ্ণ নাৰায়ন সিংহ আৰু ভগীৰথী সিংহৰ ঔৰসত জন্মগ্ৰহণ কৰা প্ৰয়াত প্ৰণৱ সিংহই দেশৰ আগশাৰী সংবাদ মাধ্যম পি টি আই , ট্ৰেলিগ্ৰাফ আদিৰ লগত জড়িত হৈ শোনিতপুৰৰ সাংবাদিক সকলক একত্ৰিত কৰি শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন জন্ম দিছিল ।
প্ৰয়াত সাংবাদিক গৰাকীৰ ওপজা দিনত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে কালি পালন কৰে ।ৰঙাপৰা কলেজৰ অধ্যক্ষ ৰঞ্জন কলিতাই বন্তি প্ৰজ্বলনৰে আৰাম্ভ কৰা কায্যসুচীত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ হাজৰিকা আৰু সম্পাদক মনোজ কুমাৰ শইকীয়াই কেক কাটি অনুষ্ঠানৰ শুভাৰাম্ভ কৰা পিছত বহু কেইজন সাংবাদিকে স্মৃতিচাৰণ কৰে ।