ভূপালঃ মধ্যপ্ৰদেশত এগৰাকী ৫৪ বৰ্ষীয় সাংবাদিকৰ দেহত কৰ’না পজিটিভ ধৰাৰ পিছতে ৰাজ্যখনৰ দুদিন আগৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দুয়োগৰাকীয়েই উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ লগতে শংকিত হৈ পৰিছে ৰাজধানী ভূপালৰ সমগ্ৰ সংবাদ মহল আৰু শীৰ্ষ আমোলা-বিষয়াসকল। 

ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি অনুযায়ী কৰ’না পজিটিভ ধৰা পৰা এইগৰাকী সাংবাদিক উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে পদত্যাগৰ কথা সদৰী কৰিবলৈ যোৱা ২০ মাৰ্চত আয়োজন কৰা সংবাদমেলত। কিছুদিন পূৰ্বে লণ্ডনৰ পৰা দেশলৈ উভতিছিল এইগৰাকী সাংবাদিকৰ কন্যা। কৰ’না টেষ্টত সাংবাদিকগৰাকীৰ কন্যাৰ দেহত ইতিমধ্যে পজিটিভ ধৰা পৰিছে। 

সংবাদমেলত আৰু কোন কোন আছিল?

কমলনাথৰ উক্ত সংবাদমেলত কৰ’না ধৰা পৰা সাংবাদিকগৰাকীৰ লগতে উপস্থিত আছিল মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিং, কেবাগৰাকী কংগ্ৰেছ বিধায়ক আৰু শীৰ্ষ আমোলা-বিষয়া। ইয়াৰ লগতে সংবাদমেলখনৰ বাতৰি সংগ্ৰহৰ বাবে সেইদিনা তাত উপস্থিত হৈছিল বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ অতি কমেও ১০০ ৰো অধিক সাংবাদিক। 

এনে পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ সংবাদ মহলত এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে। যিটো সংবাদ প্ৰতিষ্ঠানত সাংবাদিকগৰাকী কৰ্মৰত আছিল সেইটো সংবাদ প্ৰতিষ্ঠানৰ আন সাংবাদিক তথা সংবাদ কৰ্মীসকলৰো টেষ্টৰ ব্যৱস্থা কৰা হৈছে। লগতে সেইদিনা সংবাদমেলত উপস্থিত থকা বাকীসকল সাংবাদিককো কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

ইফালে, সাংবাদিকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে নিজে আইছ’লেটেড হৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে তেওঁৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে এই কথা খণ্ডন কৰি কৈছে যে কমলনাথে পূৰ্বৰে পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু বৰ্তমানো সতৰ্কতাৰে নিজৰ কাম অব্যাহত ৰাখিছে। 

১৭ মাৰ্চত কন্যা উভতিছিল দেশলৈ

কৰ’না পজিটিভ পোৱা হোৱা সাংবাদিকগৰাকীৰ কন্যা যোৱা ১৭ মাৰ্চত লণ্ডনৰ পৰা দেশলৈ উভতিছিল। দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত কৰা স্ক্ৰীনিঙত ধৰা পৰা নাছিল সংক্ৰমণৰ কোনো লক্ষণ। ইয়াৰ পিছত সাংবাদিক কন্যাগৰাকীয়ে শতাব্দী এক্সপ্ৰেছযোগে ৰেলেৰে উপস্থিত হৈছিল গৃহ চহৰ ভূপালত। 

ঘৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকসকলে লগে লগে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰে আৰু কৰ’না ভাইৰাছৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়। কিন্তু সেয়া লগে লগে হৈ নুঠিল। কৰ্তব্যৰ খাতিৰত তেওঁ উদ্বিগ্ন মনেৰে সংবাদ সংগ্ৰহ অব্যাহত ৰাখিলে। তাৰ পিছতে লেহেমীয়া গতিৰে হোৱা পৰীক্ষাত দুদিন পূৰ্বে কন্যাৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। ইয়াৰ পিছত আজি সাংবাদিক পিতৃৰ দেহতো কৰ’না পজিটিভ ধৰা পৰাত ভূপালৰ সংবাদমহল আৰু ৰাজনৈতিক মহলত দেখা গৈছে এক আতংকময় পৰিৱেশ। অৱশ্যে সাংবাদিকগৰাকীৰ পত্নী, পুত্ৰ আৰু ঘৰুৱা সহায়কাৰীৰ টেষ্ট নিগেটিভ পোৱা গৈছে বুলি বাতৰিটোত প্ৰকাশ পাইছে।

নতুন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানো চিন্তিত

প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথৰ লগতে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰা বিজেপিৰ শিৱৰাজ সিং চৌহানো সাংবাদিকগৰাকীৰ দেহত পজিটিভ ধৰা পৰাৰ বাতৰি পোৱাৰ পিছতে কিছু পৰিমাণে চিন্তিত হৈ পৰিছে। কিয়নো চৌহানৰ ফ্ল’ৰ টেষ্টৰ সময়তো বিধানসভাত উপস্থিত আছিল কৰ’না পজিটিভ ধৰা পৰা সাংবাদিকগৰাকী। কেৱল শিৱৰাজ চৌহান আৰু কমলনাথেই নহয়, সাংবাদিকৰ দেহত কৰ’না ধৰাৰ পৰাৰ বাতৰিয়ে এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাজ্যখনৰ কেবাগৰাকী ৰাজনৈতিক নেতা আৰু আমোলা-বিষয়াক।