শিৱসাগৰঃ শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ কৰ্মচাৰীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাত শিৱসাগৰত বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে৷ উল্লেখ্য যে, কালি নিউজ নেক্সট ৱানৰ সাংবাদিকে শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ একাংশ অভিযন্তা-কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি তথা প্ৰায়ে কাৰ্যালয়ত উপস্থিত নথকা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল৷
ৰাইজৰ অভিযোগৰ ভিত্তিত দিনৰ এক বজাত সাংবাদিকগৰাকীয়ে কাৰ্যালয়টোত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীক কিহৰ বাবে উপস্থিত নাই এই কথা জানিব খোজোঁতে দুগৰাকী কৰ্মচাৰীয়ে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উদ্যত হৈছিল৷ সাংবাদিকজন কথমপিহে কৰ্মচাৰী দুগৰাকীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে৷