Home ৰাজ্যকাৰ্বি পাহাৰ ভ্ৰমণ কৰিলে সাংবাদিক সন্থাই, খেৰণিৰ সাংবাদিকৰে মত-বিনিময়

কাৰ্বি পাহাৰ ভ্ৰমণ কৰিলে সাংবাদিক সন্থাই, খেৰণিৰ সাংবাদিকৰে মত-বিনিময়

by News Desk
63 views
A+A-
Reset

খেৰণিঃ বুধবাৰে সদৌ অসম সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দল কাৰ্বি আংলং ভ্ৰমণ কৰে৷ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰা নেতৃত্বত কাৰ্বি আংলং ভ্ৰমণ কৰা সাংবাদিকৰ দলটোৱে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ স্থানীয় সাংবাদিকৰ সৈতে মত-বিনিময় কৰে৷ খেৰণিৰ কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰা সহ অন্যান্য বিষয়-ববীয়া জিতু কলিতা, অমল নাথ আৰু প্রদীপ ডেকাই অংশ গ্ৰহণ কৰে৷

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি প্ৰেছ ক্লাবৰ সভাপতি মোহন টেৰণ, সাধাৰণ সম্পাদক ধৰমবীৰ চৌহান, খেৰণি সাংবাদিক সন্থাৰ উপ-সভাপতি অলক বৰ্মন বৰবৰা, সাধাৰণ সম্পাদক কনক দেউৰীৰ লগতে জয়ৰাম কথাৰ, মোহন ইংতি, সঞ্জয় কুমাৰ সিং আৰু ৰেনছিং টেৰণ উপস্থিত থাকে। মতবিনিময় অনুষ্ঠানত সাংবাদিকসকলে প্ৰতিটো মুহূৰ্ততে সন্মুখীন হৈ অহা সমস্যা, বেতন, চৰকাৰী সুবিধা, ৰেহাই, ন্যায়, অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে বিশদ আলোচনা কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0