ডিব্ৰুগড়ঃ সমগ্ৰ দেশৰ বাবেই সাংবাদিকসকল সমাজৰ বাবে অতন্দ্ৰ প্ৰহৰী৷ সমাজ জীৱনৰ বাবে দিনে-নিশাই শ্ৰম কৰিও অনিশ্চয়তাত ভুগিবলগা হোৱাৰ লগতে বিভিন্ন সময়ত ভাবুকি আৰু বিভিন্ন গোচৰৰ সন্মুখীন হ’ব লগা হয় সাংবাদিকসকল৷ আমাৰ ৰাজ্য খনৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকলৰ জীৱনৰ সুৰক্ষাক লৈ এতিয়া বাৰুকৈয়ে চিন্তিত৷
জীৱনক লৈ তেওঁলোকৰ বাবে নাই কোনো ধৰণৰ নিৰাপত্তা৷ যাৰ ফলত আক্ৰমণৰ বলি হ’ব লগা হ’ল এগৰাকী মহিলাসাংবাদিক৷ এই ঘটনাই অসম আৰক্ষীৰ বৰ্বৰতা উন্মোচিত হোৱা বুলি অভিযোগ উত্থাপন কৰে সাংবাদিক সুৰক্ষা মঞ্চ-অসমে৷ অসম-মিজোৰাম সীমান্তত কৰ্তব্যৰত মহিলা সাংবাদিকসহ মিজোৰামৰ এখন দৈনিক কাকতৰ সম্পাদকৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা আক্ৰমণৰ ঘটনাক বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে৷