newsnextone.com আগৰতলাঃ পুনৰ এগৰাকী সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ ধৰ্মনগৰত তেল মাফিয়াই বৰ্বৰ আক্ৰমণ কৰে এগৰাকী যুৱ সাংবাদিকক৷ ফটো সাংবাদিক, এটা নিউজ চেনেলৰ সাংবাদিক তথা newsnextone.comৰ পৰিয়ালৰ এগৰাকী সদস্য সুমন দেৱনাথক হত্যাৰ চেষ্টা কৰে তেল মাফিয়াই৷ দীৰ্ঘদিনৰ পৰা প্ৰশাসনৰ সহায়ত চলি থকা ধৰ্মনগৰৰ তেল ব্যৱসায়ৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই হত্যাৰ চেষ্টা চলাই সুমনক৷

বিগত চিপিআইএম চৰকাৰৰ কাৰ্যকালত কেইবাগৰাকী সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে দুগৰাকী সাংবাদিকৰ মৃত্যু হৈছিল৷ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক শাসনৰ গাদীলৈ আনিলে যদিও সাংবাদিক সুৰক্ষিত নহ’ল ত্ৰিপুৰাত৷ পুনৰ এগৰাকী যুৱ সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ ৰাজ্য খনত৷

জানিব পৰা মতে, যোৱা ১৮ জুনত দিনৰ ১১ বজাত চিমি মিঞা নামৰ এগৰাকী লোকে সুমন দেৱনাথক ধৰ্মনগৰৰ দুৰ্গাপুৰ এলেকাত লগ পায়৷ তাৰ পিছতে চিমি মিঞাই তেঁওলোকৰ তেলৰ ব্যৱসায় বন্ধ কৰা বুলি সাংবাদিক সুমন দেৱনাথৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ ইমানে নহয় সুমন দেৱনাথৰ বাবে এই ব্যৱসায় বন্ধ হোৱা বুলি কয়৷ আজি তোমাক হত্যা কৰা হ’ব বুলি কৈ এখন ডেগাৰ উলিয়াই সুমন দেৱনাথক ডিঙিত লগাই দিয়ে৷ তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলত সুমন দেৱনাথে চিঞৰ-বাখৰ কৰে৷ তাৰ পিছতে মাটিত পৰি যায়৷ একাংশ লোকে সুমনক তেজেৰে লুটুৰি পুটুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷ সেই সময়তে চিমিয়ে পলায়ন কৰে৷

বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত চটফটাই আছে সাংবাদিকগাৰকী৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জৰিত অভিযুক্তক ধৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ ধৰিবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য যে, ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰিছিল৷ উত্তাল হৈ পৰিছিল সমগ্ৰ ত্ৰিপুৰা৷ ছেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ্তই ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানত সংঘটিত বিয়াগোম কেলেংকাৰী ফাদিল কৰি ভালেমান প্ৰতিবেদন প্ৰকাশ কৰিছিল। যাৰ ফলত সুদীপ্ত বেটেলিয়ানৰ বিষয়াৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল৷

২০১৭ চনৰ ২০ নৱেম্বৰত ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক সুদীপ্তক ধমকি দিয়াৰ লগতে কেম্পলৈ মাতি পঠিয়াই৷ সাংবাদিকগৰাকীয়ে কেম্পত প্ৰবেশ কৰাৰ লগে লগে বেয়াকৈ প্ৰহাৰ কৰে৷ তাৰ পিছতে সাংবাদিকগৰাকীয়ে কেম্পৰ ভিতৰৰ পৰা আহিব খোজেতেই নিচেই ওচৰৰ পৰা নন্দগোপাল ৰিয়াং নামৰ ত্ৰিপুৰা ষ্টিট ৰাইফলছৰ জোৱানজনে সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত কেম্পতে মৃত্যু হয় সুদীপ্তৰ।

২০১৭ চনৰ ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল। ইণ্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰিছিল।

পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল।