newsnextone.com আগৰতলাঃ পুনৰ এগৰাকী সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ ধৰ্মনগৰত তেল মাফিয়াই বৰ্বৰ আক্ৰমণ কৰে এগৰাকী যুৱ সাংবাদিকক৷ ফটো সাংবাদিক, এটা নিউজ চেনেলৰ সাংবাদিক তথা newsnextone.comৰ পৰিয়ালৰ এগৰাকী সদস্য সুমন দেৱনাথক হত্যাৰ চেষ্টা কৰে তেল মাফিয়াই৷ দীৰ্ঘদিনৰ পৰা প্ৰশাসনৰ সহায়ত চলি থকা ধৰ্মনগৰৰ তেল ব্যৱসায়ৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই হত্যাৰ চেষ্টা চলাই সুমনক৷
বিগত চিপিআইএম চৰকাৰৰ কাৰ্যকালত কেইবাগৰাকী সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে দুগৰাকী সাংবাদিকৰ মৃত্যু হৈছিল৷ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক শাসনৰ গাদীলৈ আনিলে যদিও সাংবাদিক সুৰক্ষিত নহ’ল ত্ৰিপুৰাত৷ পুনৰ এগৰাকী যুৱ সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ ৰাজ্য খনত৷