52
তেজপুৰঃ মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কত, কেতিয়া হয় কোনে জানে৷ মৃত্যু চিৰন্তন সত্য যদিও কিছু মৃত্যুক সহজে লব নোৱাৰি৷ তেনে এক মৃত্যুক সহজে লব পৰা নাই তেজপুৰৰ ৰাইজে৷ এগৰাকী যুৱ ফটো সাংবাদিকৰ মৃত্যুই কন্দুৱাইছে সকলোকে৷
দুৰ্ঘটনাত পতিত হৈ এগৰাকী আগশাৰীৰ ফটো সাংবাদিকৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে৷ ঐতিহ্যমণ্ডিত তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ মঙলবাৰে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আকোৱালি লয়৷