newsnextone.com | মোৰাঝাৰঃ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও আৰু হোজাই জিলা সমিতিৰ উদ্যোগত বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ নগাঁও চহৰৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত নাগৰিক সভাত সাংবাদিক পৰাগমণি আদিত্য‌ উপস্থিত থাকে৷ 

পৰাগমণি আদিত্যই অসমীয়া জাতিক বিশ্বৰ অন্যতম গৌৰৱময় জাতি বুলি অভিহিত কৰি সেই অসমীয়া জাতিক মষিমূৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নতুন ধাৰণা জাপি দিয়া বুলি কয়। সেই ধাৰণা সমূহৰ ভিতৰত অন্যতম হৈছে উগ্ৰ হিন্দুত্ববাদ। এই ধাৰণা চৰকাৰে পৰিকল্পিত ভাবে অসমত জাপি দিছে। এই পৰিকল্পনাৰ অংশ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক বুলি কয় পৰাগমণি আদিত্যই। 

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীয়ে অসম এৰিব লাগিব। এই ক্ষেত্ৰত ১৯৭১ চনৰ পূৰ্বতে অহা হিন্দু-মুছলমান সকলোৱে মিলাপ্ৰীতিৰে এক গোট হৈ থাকিব লাগিব। পৰাদমণি আদিত্যই অসমৰ ইতিহাসৰ কথা উল্লেখ কৰি অসমৰ ঐতিহাসিক প্ৰেক্ষাপট ইমান শক্তিশালী আছিল যে অসমে বহিঃৰাষ্ট্ৰৰ লগতো সাংস্কৃতিক ভাৱধাৰাৰ আদান-প্ৰদান কৰিছিল বুলি কয়। অসমে সুদীৰ্ঘ কাল নিজৰ সংস্কৃতি, বিজ্ঞান, আচাৰ-ব্যৱহাৰ জীয়াই ৰাখিছে। আমি সেই গৌৰৱময় ঐতিহ্যক এতিয়াও অক্ষুন্ন ৰাখিব লাগিব বুলিও কয়। 

অসমৰ সমাজ জীৱনলৈ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰসংগ উল্লেখ কৰি সাংবাদিক পৰাগমণি আদিত্য‌ই কয় যে ৰাধাগোবিন্দ বৰুৱাই কেৱল এটি সংবাদ প্ৰতিষ্ঠানেই প্ৰতিষ্ঠা কৰা নাছিল। তেওঁ স্বতন্ত্ৰৰীয়া ভাৱে কথা কেনেকৈ কব লাগে, সেই কথাও শিকাইছিল। অসমীয়াৰ মাজত জাতীয় চেতনাৰ উন্মেষ ঘটাইছিল। অসমৰ এই সংকট কালত আমাক আৰু অধিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ দৰে ব্যাক্তিৰ প্ৰয়োজন আছে বুলি কয় আদিত্যই। 

মিডিয়া ষ্ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ড০ আবু হানিফাৰ সভাপতিত্ব অনুষ্ঠিত নাগৰিক সভা উদ্বোধন কৰি দিয়া ভাষণত আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত অসমৰ কোনো ব্যক্তি নীৰৱে থাকিব নোৱাৰে বুলি উল্লেখ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ষড়যন্ত্ৰৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে আমাৰ মাতৃভাষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে আৰু ইয়াৰ বিৰূদ্ধে আমি সমগ্ৰ অসমতে সংগ্ৰামী গণ জাগৰণ সৃষ্টি কৰিব লাগিব বুলি কয় আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে। 

পংকজ কুমাৰ নাথে ২০১৪ৰ ১৬ মে’ৰ পিছত বিদেশীয়ে টোপোলা বান্ধিব বুলি কোৱা নৰেন্দ্ৰ মোডীয়ে এতিয়া সম্পূৰ্ণ বিপৰীত ভুমিকা গ্ৰহণ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ স্থিতি স্পষ্ট কৰা নাই। পৰিস্থিতি এনেদৰে থাকিলে ২০১৯ আৰু ২০২১ চনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰেই টোপোলা বান্ধিব লাগিব বুলি কয়। 

নাগৰিক সভাত ভাষণ প্ৰদান কৰি দৈনিক অসমৰ সহকাৰী সম্পাদক অতুল্য মাধৱ গোস্বামীয়ে কয় যে মই নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰোঁ। কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে সৃষ্টি হোৱা গণ জাগৰণৰ সময়ত আমি এটা বিষয়টো দৃষ্টি দিব লাগিব যে ইয়াৰ সুবিধা লৈ যাতে কোনেও ৰাজনৈতিক সুবিধা ল’ব নোৱাৰে। এই গণ জাগৰণৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱাসকলক চিনাক্ত কৰিব লাগিব। 

ইয়াৰ নেতৃত্ব অসমৰ জাতীয় সংগঠন সমূহে ল’ব লাগিব বুলি কয় গোস্বামীয়ে৷ নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে আজুৱে আৰম্ভ কৰা জনমত গঠনৰ এই প্ৰচেষ্টাৰ শলাগ লয় অতুল্য গোস্বামীয়ে৷ আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয় যে এনে সংকটৰ বিৰুদ্ধে যুঁজিবলৈ আমি আমাৰ কৰ্ম-সংস্কৃতি অধিক উন্নীত কৰিব লাগিব। দিল্লীকে ধৰি বহিঃৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ উচ্চ পদবীধাৰী বিষয়াৰ সৃষ্টি কৰিব লাগিব। যাতে আমাক কোনেও মাহী আইৰ চকুৰে চাব নোৱাৰে। 

অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সহকাৰী সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু দৈনিক অসমৰ সাংবাদিক চন্দনজ্যোতি বৰাই আঁত ধৰা নাগৰিক সভাত আদিভাষী জাতীয় মহাসংঘৰ সভাপতি বীৰেণ মিৰ্ধা, সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতি পৰিষদৰ নগা‌ঁও জিলা সমিতিৰ সভাপতি কাফিল আহমেদ, আমছুৰ সভাপতি কামৰুজ জামান চৰকাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি খগেন গায়ন, সম্পাদক জীতেন বৰা, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি মনোজ সিং ৰাজা, যুটীয়া সম্পাদক প্ৰাগজ্যোতিষ বনীয়া, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি মুকুল বৰা, সম্পাদক উৎপল বৰুৱা, জিলা সভাপতি প্ৰদীপ শ‌ইকীয়া, সম্পাদক অম্লান জ্যোতি মহন্ত উপস্থিত থাকে৷

অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰঞ্জন বৰা, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী, বিশিষ্ট সমাজসেৱী মুকুট ভূঞা, আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সভাপতি শান্তনভ হাজৰিকা, উপ-সভাপতি পাৰ্থপ্ৰতীম হাজৰিকা, কাৰ্যবাহী সদস্য ভাস্কৰ দাস, নন্দৰাম বৰদলৈ উপস্থিত থাকে। আজুৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিলোৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা নাগৰিক সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতি সম্পন্ন চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক আজুই আদৰণি যাচে।

সভাত আজুৰ নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰা, কাৰ্যকৰী সভাপতি ফাইজুৰ ৰহমান, সহকাৰী সম্পাদক ভাস্কৰজ্যোতি শইকীয়া, হোজাই জিলা সমিতিৰ সভাপতি সুব্ৰত চৰকাৰ, সম্পাদক প্ৰণৱ শৰ্মা, আজুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ছাদিকুজ জামান, সাংবাদিক পলাশপ্ৰতীম হাজৰিকা, বিশ্বজিৎ চক্ৰবৰ্তী, জিতুমণি শইকীয়া, ফাৰহান আহমেদ, আজুৰ বিষয়-ববীয়া তপন কটকী, জ্যেষ্ঠ সাংবাদিক জীতেন বৰকটকী, ৰকিবুল ৱাহিদ, হিফজুৰ ৰহমান, নাজিম আহমেদ, আবু আনচাৰী, মোজ্জামিল হক আদি উপস্থিত থাকে।