newsnextone.com | মোৰাঝাৰঃ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও আৰু হোজাই জিলা সমিতিৰ উদ্যোগত বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ নগাঁও চহৰৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত নাগৰিক সভাত সাংবাদিক পৰাগমণি আদিত্য উপস্থিত থাকে৷
পৰাগমণি আদিত্যই অসমীয়া জাতিক বিশ্বৰ অন্যতম গৌৰৱময় জাতি বুলি অভিহিত কৰি সেই অসমীয়া জাতিক মষিমূৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নতুন ধাৰণা জাপি দিয়া বুলি কয়। সেই ধাৰণা সমূহৰ ভিতৰত অন্যতম হৈছে উগ্ৰ হিন্দুত্ববাদ। এই ধাৰণা চৰকাৰে পৰিকল্পিত ভাবে অসমত জাপি দিছে। এই পৰিকল্পনাৰ অংশ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক বুলি কয় পৰাগমণি আদিত্যই।