Scroll.in
Scroll.in

newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ১৪ জুনত দিন দুপৰতে নিচেই ওচৰৰে পৰা সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ‘ৰাইজিং কাশ্মীৰ’ কাকতৰ সাম্পাদক চুজাত বুখাৰীক৷ কাশ্মীৰৰ প্ৰেছ কলনীত গুলীয়াই হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই বিজেপি নেতাই চুজাত বুখাৰীৰ হত্যাকাণ্ডৰ কথাকৈ সাংবাদিকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ একপ্ৰকাৰ চুজাত বুখাৰীৰ দৰেই অৱস্থা হ’ব বুলি ভাবুকি প্ৰদান কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা চৌধুৰী লাল সিঙে৷ 

লাল সিঙে শনিবাৰে এখন সাংবাদ মেলৰ আয়োজন কৰিছিল৷ সংবাদমেলত সদ্য মিত্ৰতা ত্যাগ কৰা পিডিপি দলক তীব্ৰ সমালোচনা কৰে বিজেপি নেতা লাল সিঙে৷ তাৰ পিছতে কাঠুৱা ধৰ্ষণ কাণ্ড সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছতে খঙত অগ্নিশৰ্মা হৈ পৰে নেতাগৰাকী৷ 

চৌধুৰী লাল সিঙে সংবাদমেলত কয় ‘‘সাংবাদিকক কৈছো নিজৰ ৰাস্তা নিজেই থিক কৰি লওক৷ আপোনালোকে থিকমতে বাচি থাকিব নে নাথাকে, নেকি তেওঁলোকৰ যি হৈছে সেই মতে বিচাৰে৷’’ এই মন্তব্যৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী এনচি নেতা ওমৰ আব্দুল্লাই গৰিহণা দিয়ে৷