Home ৰাজ্যধৰ্মৰ নামত হকে-বিহকে মেলা

ধৰ্মৰ নামত হকে-বিহকে মেলা

by News Desk
A+A-
Reset
Delta-Corp-casino

কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰৰ অলিয়ে-গলিয়ে এক অসাধু চক্ৰই হকে-বিহকে পূজাৰ গইনা লৈ মেলা পাতি জুৱাৰ ৰমৰমীয়া বেহাৰে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে দুৰ্গা পূজাৰ পাছত এইবাৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ গইনা লৈ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত শ্যামগাঁও, কাৰিগাঁও, খাংখালাবাদা, গেন্দ্ৰাবীল, চেংমাৰী, বাশবাৰী, ছালাকাটিৰ আদি অঞ্চলৰ পুঠিয়াগাঁও, কালিপুখৰী, ফকিৰাগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত শুকানঝোৰা, মোনাকোচা আৰু কোকৰাঝাৰ এলেকাৰ বনৰগাঁও আদিকে ধৰি বিভিন্ন অঞ্চলত মেলা পাতি অসাধু চক্ৰই চকৰি, লাকী ছেভেন (আণ্ডাৰ-অভাৰ ) আৰু ঝাণ্ডি-মুণ্ডাৰ চকৰিকে ধৰি হাঁহ, মূৰ্গী, কণীৰ জুৱাৰে সামাজিক পৰিৱেশ বিনষ্ট কৰি নৱ-প্ৰজন্মৰ যুৱক-যুৱতীক ধ্বংসৰ দিশে ঠেলি দিছে৷ কোকৰাঝাৰ এলেকাৰ চুকে-কোণে হ’কে-বিহকে ধন ঘটাৰ উদ্দেশ্যে মেলা পাতি সামাজিক পৰিৱেশ বিনষ্ট কৰা সত্ত্বেও নীৰৱ ভূমিকা পালন কৰিছে আৰক্ষী আৰু জিলা প্ৰশাসনে৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰত পূজাৰ নামত হকে-বিহকে চলা মেলাই শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ মন কৰিবলগীয়া এয়ে যে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অসাধু চক্ৰই এনেদৰে মেলা পাতি সামাজিক পৰিৱেশ বিনষ্ট কৰিছে যদিও আৰক্ষী আৰু জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাই ৰহস্যৰ সৃষ্টি কৰিছে৷

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0