গুৱাহাটীঃ ৰাজনীতিৰ খবৰ আৰু সাম্প্ৰদায়িক কথা-বতৰাই মানুহক অতিষ্ঠ কৰি তুলিছে৷ তাৰ লগে লগে মানুহ যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰাত পৃথিৱী খনৰ মাদকতা পাহৰি পেলাইছে মানুহে৷ প্ৰকৃতি নিৰ্জন ঠাইৰ কথা পাহৰি মানুহে এতিয়া কোলাহলকে আপোন কৰি লব লগা হৈছে৷ কিন্তু মানুহে বিশেষ দিনটোক পাহৰি নেপেলায়৷
যেনে বিবাহৰ বাৰ্ষপূৰ্তিৰ দিনটো, জন্মদিন, ভেলেন্টাইন ডে’ আদিৰ দৰে দিনবোৰক মানুহে পাহৰি নাযায়৷ এনে দিনবোৰত আপোন মানুহৰ সৈতে পৰিয়ালটোৰ সৈতে আনন্দৰে সময় অতিবাহিত কৰে মানুহে৷ শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকাসকলে পালন কৰিবলৈ সাজু হৈছে ভেলন্টাইন ডে’৷ প্ৰেমিক-প্ৰেমিকাসকলৰ দৰেই স্বামী-স্ত্ৰীসকলেও পতি-পত্নী দিৱস বা Couples Day পালন কৰাৰ বাবে মন মেলিছিল৷