নগাঁওঃ ৰাজ্যৰ বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতি অহা অন্যতম সংগঠন জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম চমুকৈ জুৱাৰ নগাঁও জিলা সমিতিৰ বুধবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷ সাংবাদিকক নিৰাপত্তা আৰু সুৰক্ষা প্ৰদানৰ দাবী জনাই অহা সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভা খন জ্যেষ্ঠ সাংবাদিক কবিন গায়নৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷
সভাত হেমেন দাস, মুনীন্দ্ৰ শইকীয়া, কাছেম আহমেদ, বিকাশ শৰ্মাক উপদেষ্টা, কবিন গায়নক সভাপতি, তপন কুমাৰ বৰা, অজিত কুমাৰ শইকীয়া, পদুম কলিতাক উপ-সভাপতি, জ্যোতি প্ৰসাদ বৰাক সাধাৰণ সম্পাদক, মুহিবুল্লাহ, মাধৱ ভূঞাক সহ-সাধাৰণ সম্পাদক, পংকজ শৰ্মাক বিত্ত সম্পাদক, অজিত শইকীয়া, পলাশ জ্যোতি হাজৰিকাক সাংগঠনিক সম্পাদক, মুকুল খানক কাৰ্যালয় সম্পাদক আৰু মানৱ জ্যোতি বৰা, মিঠুমুগ্ধ গোঁহাই, ভাস্কৰ মেধী, বীৰেন বৰা, ৰাজু ভূঞা, প্ৰসেনজিৎ মণ্ডলক সদস্য হিচাপে লৈ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।