65
নতুন দিল্লীঃ উচ্চ ন্যায়ালয়ে আজি চাৰিজনকৈ ন্যায়াধীশক নিযুক্তি দিয়া হয়৷ কলেজিয়ামৰ বাছনি অনুসৰি চৰকাৰে শীৰ্ষ আদালতত ক্ৰমে হেমন্ত গুপ্তা, অজয় ৰস্তোগী, এম আৰ শ্বাহ আৰু সুভাষ ৰেড্ডীক ন্যায়াধীশৰ পদত নিযুক্তি দিয়ে৷
উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ পদৰ সংখ্যা ৩১ টা। আজিৰ নিযুক্তিৰ পাছত শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পায়৷ ৩ টা পদ এতিয়াও খালী আছে।